বৰমা, 20 এপ্ৰিল : 'দেশ বচাও,বিজেপি হটাও' শ্লোগানেৰে বৰমাত শনিবাৰে চি পি আই এমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰৰ ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰমা বিধানসভা সমষ্টিৰ কদমতল চকত চি পি আই এমৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা বামপন্থী নেতাগৰাকীয়ে ৷
বিৰাজ ডেকাৰ হৈ বৰমাত মাণিক চৰকাৰৰ প্ৰচাৰসভা
বৰমাত মাণিক চৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ ৷ চি পি আই এমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বামপন্থী নেতা মাণিক চৰকাৰে ৷
প্ৰচাৰসভাত বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটু ভাষাৰে সমালোচনা কৰে মাণিক চৰকাৰে ৷ 2014 ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তেই বিদেশত থকা ভাৰতৰ ক'লাধন ঘূৰাই আনিব বুলি মোডীয়ে কৰা প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই ক'লাধন ভোগ কৰা ব্যক্তিয়ে বিনাদ্বিধাই ঘূৰি ফুৰিছে বুলি মোডীক সমালোচনা কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মোডীয়ে 100 দিনৰ ভিতৰতে ক’লা ধন উভতাই আনি প্ৰতিগৰাকী ভাৰতীয়ৰ বেংক একাউণ্টত 15 ৰ 20 লাখকৈ জমা দিব বুলি কোৱা প্ৰতিশ্ৰুতিও হাস্যৰসত পৰিণত হোৱা বুলি বিজেপিলৈ কটু বাক্য নিক্ষেপ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
প্ৰচাৰসভাতেই ৰাফেল বিমান চুক্তিত মোডী সম্পূৰ্ণভাৱে জড়িত বুলি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে বামপন্থী নেতাগৰাকীয়ে ৷ উচ্চতম ন্যায়ালয়ে ৰাফেল বিমান চুক্তিৰ পুনৰীক্ষণৰ বাবে দিয়া নিৰ্দেশে এই চুক্তিৰ কেলেংকাৰীত মোডী জড়িত বুলি প্ৰমাণিত কৰা বুলিও প্ৰকাশ কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে ৷ চকীদাৰক চোৰ বুলি ইতিকিং কৰি বিজেপিয়ে ভাৰতত শোষণ চলাইছে বুলিও ভাষণত উল্লেখ কৰে মাণিক চৰকাৰে ৷