অসম

assam

ETV Bharat / state

বিহাৰলৈ গৈ থকা অৱস্থাত ৰে'লৰ পৰাই সন্ধানহীন কোকৰাঝাৰৰ এজন ব্যক্তি

পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ। নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগে বিহাৰৰ নিজ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ হোৱাৰ পথতে ৰে'লৰ পৰাই সন্ধানহীন হোৱাত সম্প্ৰতি পত্নী,পুত্ৰ আৰু কন্যা মানসিকভাৱে ভাগি পৰিছে ৷

By

Published : May 20, 2019, 12:31 PM IST

ৰে'লৰ পৰাই সন্ধানহীন কোকৰাঝাৰৰ চানা বিক্ৰেতা

কোকৰাঝাৰ,২০ মে' : বি টি এ ডিৰ কোকৰাঝাৰ থানাৰ সমীপত অস্থায়ীভাৱে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা সুদূৰ বিহাৰৰ দৰভাংগা জিলাৰ লোক এজন ৰহস্যজনকভাৱে ৰে'লৰ পৰা সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৰহস্যজনকভাৱে সন্ধানহীন হোৱা এই লোকজন বিহাৰৰ দৰভাংগা জিলাৰ বিন্দা সাহানী বুলি জানিব পৰা গৈছে ৷

ৰে'লৰ পৰাই সন্ধানহীন কোকৰাঝাৰৰ চানা বিক্ৰেতা

যোৱা ১৫ মে'ত বিন্দা সাহানীয়ে বিহাৰৰ দৰভাংগাত থকা নিজ ঘৰলৈ যোৱাৰ বাবে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ পৰা নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লেৰে যাত্ৰা আৰম্ভ কৰে ৷ কিন্তু লোকজনে পাচঁ দিন ধৰি বিহাৰৰ দৰভাংগাত থকা নিজ ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ৷ ইপিনে সন্ধানহীন হোৱা লোকজনৰ পুত্ৰ ৰাম দয়াল সাহানীয়ে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানা আৰু আৰ পি এফৰ কাষ চাপিও দেউতাকৰ খবৰ নোপোৱাত মানসিকভাৱে ভাগি পৰিছে ৷ অৱশেষত সোমবাৰে উপায়হীন হৈ পুত্ৰ ৰাম দয়াল সাহানীয়ে সাংবাদিকৰ কাষ চাপে ৷ উল্লেখ্য যে কোকৰাঝাৰ চহৰৰ ফুটপাথত চানা বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া বিন্দা সাহানীয়ে নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগে বিহাৰৰ নিজ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ হোৱাৰ পথতে ৰে'লৰ পৰাই সন্ধানহীন হোৱাত সম্প্ৰতি পত্নী,পুত্ৰ আৰু কন্যা মানসিকভাৱে ভাগি পৰিছে ৷

ABOUT THE AUTHOR

...view details