কোকৰাঝাৰ, ২৬ নৱেম্বৰ: ভালুকৰ আক্ৰমণৰ পাচত কোকৰাঝাৰত এইবাৰ বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে(Wild elephant menace in Kokrajhar) । জিলাখনত বিগত কিছুদিনৰ পৰা বৃদ্ধি পাইছে বন্যপ্ৰাণী আৰু মানুহৰ মাজৰ সংঘাত ৷ শুকুৰবাৰে জিলাখনৰ ছালাকাটি অঞ্চলৰ মুৰাবাৰী গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক(Man killed by Elephant in Murabari) । হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজন গাঁওখনৰে বেৰলাং ব্ৰহ্ম বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, ভূটানৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক জিলাখনৰ সীমান্তৱৰ্তী অঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছিল । উক্ত জাকটোৰ পৰা আঁতৰি আহি দুটা হাতী মুৰাবাৰী গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়(Wild elephant menace in murabari) ৷ শুকুৰবাৰে হাতী দুটাই গাঁওখনৰ ৭০ বছৰীয়া বেৰলাং ব্ৰহ্মক আক্ৰমণ কৰে(Man-Elephant conflict in murabari) ৷ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা বৃদ্ধ লোকজনক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়(Man-Elephant conflict in Kokrajhar) ।