কোকৰাঝাৰ ২৬ জুলাই : কোকৰাঝাৰ জিলাৰ ছালাকাটি থানাৰ অন্তৰ্গত নয়াচৰা প্ৰথম খণ্ডত সংঘটিত হৈছে এটা জঘন্য ঘটনা ৷ এগৰাকী নাবালিকাক এজন যুৱকে যৌন নিৰ্যাতন চলোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
১২ বছৰীয়া নাবালিকা গৰাকীয়ে এৰাল দি থোৱা ছাগলী ঘৰলৈ লৈ আহোতেই জয়নাল আলী নামৰ যুৱকজনে পথৰ ওপৰতে যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে ৷ নাবালিকা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীত ঘৰৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত হৈ যুৱকজনৰ কবলৰ পৰা ছোৱালীজনীক উদ্ধাৰ কৰে । এনে অপকাৰ্মত ক্ষোভিত হৈ স্থানীয় ৰাইজে জয়নাল আলীক বান্ধি লৈ লপা থপা দি ছালাকাটি আৰক্ষী চকীত গতাই দিয়ে ৷ ইতিমধ্যে অভিযুক্ত জনয়নালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ।