অসম

assam

By

Published : Dec 2, 2021, 5:36 PM IST

ETV Bharat / state

Road Accident at Gossaigaon : কচুগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

কোকৰাঝাৰৰ কচুগাঁৱত বুধবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Major road accident at Gossaigaon) ৷ দুৰ্ঘটনাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ কাৰিকৰবস্তিৰ সমৰসিং নাৰ্জাৰী (50) নামৰ লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

major-road-accident-at-gossaigaon
কচুগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

কোকৰাঝাৰ 1 ডিচেম্বৰ : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Major road accident at Gossaigaon) ৷ বুধবাৰে সন্ধিয়া কচুগাঁৱৰ ৰানখুনবাৰী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ এজন মটৰচাইকেল আৰোহীৰ মৃত্য হয় ৷ জানিব পৰা মতে, মটৰচাইকেল আৰু টেংকাৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো ৷

কচুগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাটুক দাসে সদৰী কৰা মতে, দ্ৰুতবেগী ট্ৰাক এখনে বিপৰীত দিশৰ পৰা আহি থকা এখন মটৰ চাইকেলক খুন্দা মৰাৰ পৰিণতিতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাৰ ফলত মটৰ চাইকেলখন ট্ৰাকখনৰ তললৈ সোমাই যায় ৷ মুহুৰ্তৰ ভিতৰতে দাওদাওকৈ জ্বলি উঠে 14 চকীয়া ট্ৰাকখনো ৷ ইয়াৰ পৰিণতিত দুয়োখন বাহন ৰাষ্ট্ৰীয় ঘাইপথতে জ্বলি ভষ্মীভূত হয় ৷

এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ থিতাতে নিহত হয় কাৰিকৰবস্তিৰ সমৰসিং নাৰ্জাৰী (50) নামৰ লোকগৰাকী ৷ অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকৰ চালক আৰু সহ-চালকজন পলাই যোৱা বুলি সন্দেহ কৰা হৈছে ৷

পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত কচুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাটুক দাস সহিতে এটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে(Kachugaon police have started investigation into the incident) ৷ পথ দুৰ্ঘটনাৰ ফলত এগৰাকী লোকৰ কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই ইতিমধ্যে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Kaliabhomora Bridge Accident : এটা সপ্তাহত কলিয়াভোমোৰাত সংঘটিত দ্বিতীয়টো দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details