অসম

assam

ETV Bharat / state

বিটিআৰত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ প্ৰমোদ বড়োৰ

শনিবাৰে কোকৰাঝাৰতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে ভূমিপট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ৷ বিটিআৰ সচিবালয় পথাৰত অনুষ্ঠিত হোৱা অনূষ্ঠানত কোকৰাঝাৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ প্ৰথম পৰ্যায়ত ১৩২ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ৷

By

Published : Jan 23, 2021, 9:23 PM IST

বিটিআৰত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ প্ৰমোদ বড়োৰ
বিটিআৰত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ প্ৰমোদ বড়োৰ

কোকৰাঝাৰ ২৩ জানুৱাৰী: বিটিআৰৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমবিকাশ, সম-উন্নয়ন আৰু সম-অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰৰ চাৰিখন জিলাত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে ৷ ইয়াৰে অংশ হিচাপে ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিটিআৰ প্ৰশাসনৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ।

বিটিআৰত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ প্ৰমোদ বড়োৰ

বিটিআৰ সচিবালয়ৰ পথাৰত জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ অধীনৰ কেইবাগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমিপট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰে । কোকৰাঝাৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰ ক্ৰমে গোঁসাইগাঁও , কোকৰাঝাৰ ,দোতমা ,বগৰীবাৰী আৰু ভাওৰাগুৰীৰ ১,৬৮৪ টা ভূমিহীন পৰিয়ালৰ মাজত আজি প্ৰথম পৰ্যায়ত ১৩২ টা ভূমিহীন পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰা হয় ।

বিটিআৰত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ প্ৰমোদ বড়োৰ

ভূমিপট্টা বিতৰণ কাৰ্যসূচীৰ পিছত সংবাদমাধ্যমৰ আগত ভূমি অবিহনে জীৱন ধাৰণ প্ৰক্ৰিয়া অসুবিধাজনক হৈ পৰে বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই । ভূমিহীন নাগৰিক সকলে সদায় অনিশ্চয়তা আৰু অস্থিৰতাত ভূগিব লগা হয় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জেৰেঙা পথাৰত আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণৰ কাৰ্যসূচীক শলাগ লৈ প্ৰধানমন্ত্ৰীৰ দুৰদৰ্শী পদক্ষেপক আদৰণি জনাইছে প্ৰমোদ বড়োই ।

বিটিআৰত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ প্ৰমোদ বড়োৰ

ইপিনে ভূমিহীনক ভূমিপট্টা দিয়াটো ইউপিপিএলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল আৰু সেয়া আইনী ব্যৱস্থাৰ মাজেৰে সম্পন্ন কৰা হব বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে পূৰ্বৰ বিটিএডিৰ নাম অধিসূচনাৰ জৰিয়তে চৰকাৰে বিটিআৰ বুলি স্বীকৃতি দিছে ৷ ঠিক তেনেদৰে বিটিআৰৰ চাৰি জিলাৰ উপায়ুক্ত সকল এতিয়াৰে পৰা বিটিআৰ প্ৰশাসনৰ সৈতে সংলগ্ন হ’ল বুলি উল্লেখ কৰি প্ৰমোদ বড়োয়ে বিটিআৰ চুক্তিৰ ৪.৬ দফাৰ অধীনত বিটিআৰৰ চাৰি জিলা ক্ৰমে কোকৰাঝাৰ ,চিৰাং ,বাক্সা আৰু ওদালগুৰীৰ জিলা উপায়ুক্তসকল বিটিআৰৰ অধীনলৈ অহাত এতিয়া উন্নয়নমুলক কাম কৰিবলৈ সুবিধা হব বুলি মন্তব্য কৰে ৷

বিটিআৰত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ প্ৰমোদ বড়োৰ

আনহাতে সাংবাদিকৰ প্ৰশ্নত্তোৰত পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰি অহাৰ আহ্বান জনাই হিংসাই কোনো সমস্যাৰ সমাধান নকৰে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে । অসমীয়া জাতিৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে সংগ্ৰাম কৰি অহা পৰেশ বৰুৱাৰ সংগ্ৰামৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰমোদ বড়োই এইবুলিও কয় যে যি সংগ্ৰামে জাতিসত্বাৰ কোনো উন্নয়ন কৰিব নোৱাৰে তেনে সংগ্ৰাম পুনৰ বিবেচনা কৰা উচিত । সমাজৰ মাজত থাকি হিংসা পৰিহাৰ কৰি সমস্যাবোৰ ৰাজনৈতিকভাৱে আৰু গণতান্ত্ৰিকভাৱে সমাধানৰ পোষকতা কৰাৰ মত প্ৰকাশ কৰি পৰেশ বৰুৱাক মুলসূতলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে প্ৰমোদ বড়োৱে ।

উল্লেখ্য যে, ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে অৰূপ কুমাৰ দে আৰু ৰনেন্দ্ৰ নাৰ্জাৰী, পৰিষদীয় সদস্য নিলোৎ স্বৰ্গীয়াৰীৰ লগতে কেইবাগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:ছয়গাঁৱৰ গৰৈমাৰীত অসম জাতীয় পৰিষদৰ বিশাল নিৰ্বাচনী সভা




ABOUT THE AUTHOR

...view details