কোকৰাঝাৰ, ২৬ ডিচেম্বৰ :কোকৰাঝাৰ চহৰৰ দীপশিখা বসুয়ে মিছ ইণ্ডিয়া কুইন হাৰ্টছ ইষ্ট ২০২০ৰ খিতাপ অৰ্জনেৰে কোকৰাঝাৰৰ লগতে বিটিচিলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই আনিছে ৷ নয়দাত বিগত ২৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতাত কোকৰাঝাৰ চহৰৰ ডিপো ৰোড নিৱাসী দীপক কুমাৰ বসু আৰু শান্তনা বসুৰ কন্যা দীপশিখা বসুয়ে মিছ ইণ্ডিয়া কুইন হাৰ্টছ ইষ্ট ২০২০ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
নতুন দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছযোগে শনিবাৰে সন্ধিয়া কোকৰাঝাৰ ৰে'ল ষ্টেচনত পদাৰ্পণ কৰা দীপশিখাই সাংবাদিকৰ আগত কয় যে উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল ৷ বিগত জুন মাহৰ পৰা বিভিন্ন পৰ্যায়ত অনুষ্ঠিত সুন্দৰী প্ৰতিযোগিতাখনৰ যোৱা ২৩ ডিচেম্বৰত গ্ৰেণ্ড ফাইনেল অনুষ্ঠিত হয় ৷ ফাইনেলত সকলোকে চেৰাই কোকৰাঝাৰৰ দীপশিখাই মিছ ইণ্ডিয়া কুইন হাৰ্টছ ইষ্ট ২০২০ৰ মুকুট জিনি আনিবলৈ সক্ষম হয় ৷ আনপিনে দীপশিখাই ভৱিষ্যতে মিছ ইণ্ডিয়া ফেমিনা সুন্দৰী প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে মনত হেঁপাহ পুহি ৰাখিছে বুলিও মন্তব্য কৰে ৷