অসম

assam

ETV Bharat / state

দিল্লীত কোকৰাঝাৰৰ মহিলাৰ ৰহস্যজনক মৃত্যু - assam woman mysterious death in Delhi

ক'ভিড পৰিস্থিতিৰ মাজতে নতুন দিল্লীৰ উত্তম নগৰস্থিত নিজা এপাৰ্টমেণ্টত ৰহস্যজনক ভাৱে মৃত্যু হৈছে কোকৰাঝাৰৰ এগৰাকী মহিলাৰ ৷ মৃত মহিলা গৰাকী জিটিভিৰ ডেন্স ইণ্ডিয়া ডেন্স, ছিজন 5ৰ বিজয়ী প্ৰণিতা স্বৰ্গয়াৰীৰ মাতৃ মণিকা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে ৷

kokrajhar-womans-mysterious-death-in-delhi
দিল্লীত কোকৰাঝাৰৰ মহিলাৰ ৰহস্যজনক মৃত্যু

By

Published : Aug 20, 2021, 10:43 PM IST

কোকৰাঝাৰ,20 আগষ্ট: জিটিভিৰ ডেন্স ইণ্ডিয়া ডেন্স, ছিজন 5 ৰ বিজয়ী প্ৰণিতা স্বৰ্গয়াৰীৰ মাতৃ মণিকা স্বৰ্গীয়াৰী দিল্লীত ৰহস্যজনক মৃত্যু ৷ কিন্তু এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে মণিকা স্বৰ্গীয়াৰীৰ পৰিয়ালে ৷ পৰকীয়া প্ৰেমৰ পৰিণতিতে মহিলা গৰকীক স্বামীয়ে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত মৃত মণিকা স্বৰ্গীয়াৰীৰ পৰিয়ালৰ লোকে ৷ এই সন্দৰ্ভত দিল্লী পুলিচ কমিচনাৰলৈ এজাহাৰ প্ৰেৰণ কৰিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে,শুকুৰবাৰে ঘটনা সংক্ৰান্তত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে দিল্লী পুলিচ কমিচনাৰলৈ এজাহাৰ প্ৰেৰণ কৰিছে মণিকা স্বৰ্গীয়াৰীৰ ভাতৃ জাছুছ বসুমতাৰীয়ে ৷ এজাহাৰত উক্ত ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে মণিকা স্বৰ্গীয়াৰীৰ ভাতৃয়ে ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, যোৱা 19 আগষ্টত নতুন দিল্লীৰ উত্তম নগৰস্থিত এপাৰ্টমেণ্টত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মণিকা স্বৰ্গীয়াৰীৰ মৃতদেহ ৷

দিল্লীত কোকৰাঝাৰৰ মহিলাৰ ৰহস্যজনক মৃত্যু

এজাহাৰত উল্লেখ কৰা অনুসৰি মণিকা স্বৰ্গীয়াৰীক দিল্লী পুলিচত কৰ্মৰত তেওঁৰ স্বামী তৰ্পন স্বৰ্গীয়াৰীয়ে বিগত ছবছৰ ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল । যাৰ বাবে যথেষ্ট কষ্টৰ মাজেৰে জীয়াই আছিল মণিকা স্বৰ্গীয়াৰী ৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, স্বামীৰ নিৰ্যাতনৰ পৰিণতিতে মণিকা স্বৰ্গীয়াৰীয়ে নতুন দিল্লীৰ পৰা কোকৰাঝাৰৰ মালগাঁও স্থিত নিজ গৃহলৈ ঘূৰি আহিছিল আৰু বিগত চাৰিবছৰ ধৰি কোকৰাঝাৰতে বসৱাস কৰিছিল ৷ কিন্তু যোৱা এপ্ৰিল মাহত তেঁওৰ এগৰাকী কন্যাই মাতৃক দিল্লীলৈ লৈ গৈছিল আৰু এমাহ পিছতে ঘূৰি অহাৰ কথা আছিল ৷ দিল্লী গৈ পোৱাৰ পিছত স্বামীৰ দ্বাৰা তেওঁ পুনৰাই নিৰ্যাতনৰ বলি হোৱা বুলি মণিকা স্বৰ্গীয়াৰীয়ে ফোনযোগে নিজৰ ভগ্নীক অৱগত কৰিছিল ৷

লগতে পঢ়কঃগুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে তিনিখনকৈ ফুটব্ৰীজ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

যোৱা 19 আগষ্টত মণিকা স্বৰ্গীয়াৰীৰ স্বামী তথা দিল্লী পুলিচত কৰ্মৰত তৰ্পন স্বৰ্গীয়াৰীয়ে ফোনযোগে মণিকা স্বৰ্গীয়াৰীয়ে চিপজৰী লগাই আত্মহত্যা কৰা বুলি সদৰী কৰিছিল ৷ কিন্তু সেই কথা মানি লব পৰা নাছিল মণিকাৰ পৰিয়ালে ৷ সংবাদ মাধ্যমৰ আগত মণিকা স্বৰ্গীয়াৰীৰ জেষ্ঠ্য ভগ্নীয়ে স্পষ্টভাৱে তেওঁৰ কনিষ্ট ভগ্নী নিৰ্যাতনৰ বলি হৈছিল বুলি দাবী কৰিছে ৷ নিৰ্যাতনৰ ভিডিঅ' ফুটেজ পৰ্যন্ত তেওঁলোকৰ হাতত থকা বুলি দাবী কৰিছে মণিকা স্বৰ্গীয়াৰীৰ জেষ্ঠ্য ভগ্নীয়ে ।

মণিকা স্বৰ্গীয়াৰীৰ জেষ্ঠ্য ভগ্নীয়ে অভিযোগ কৰা মতে, দিল্লীত বসবাস কৰা চিৰাঙৰ এগৰাকী মহিলাৰ সৈতে অবৈধ প্ৰেম থকাৰ পৰিণতিতে তেওঁৰ ভগ্নীক তেওঁৰে মাতাল স্বামীয়ে হত্যা কৰিছে ৷ ঘটনাৰ দিনা তৰ্পন স্বৰ্গীয়াৰীয়ে নতুন দিল্লীস্থিত বড়োলেণ্ড গেষ্ট হাউচত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিছিল ৷ পাৰ্টী কৰাৰ পিছতেই ঘৰলৈ ঘূৰি আহি তেঁও মণিকা স্বৰ্গীয়াৰীক হত্যা কৰি ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিব বিচৰা বুলি এজাহাৰত উল্লেখ কৰিছে পৰিয়ালে ৷

ইফালে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে এজাহাৰখন দিল্লী পুলিচ কমিচনাৰলৈ মেইল যোগে পঠোৱা হৈছে বুূলি উল্লেখ কৰাৰ লগতে ঘটনা সন্দৰ্ভত দিল্লী পুলিচ কমিচনাৰৰ লগত যোগাযোগ কৰা হ'ব বুলি মন্তব্য কৰিছে ।

লগতে পঢ়কঃULFA চৰকাৰৰ আলোচনাক লৈ আশাবাদী পৰেশ বৰুৱাৰ স্ব-গৃহ চাবুৱাৰ বিধায়ক

ABOUT THE AUTHOR

...view details