কোকৰাঝাৰ, 22 অক্টোবৰ : বিটিচি পৰিষদীয় নিৰ্বাচন যিমানে কাষ চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত প্ৰচাৰ অভিযান তুংগত হৈ উঠিছে বড়ো ভূমিত ৷ বড়োভূমিত বিপিএফ, ইউ পি পি এল, বিজেপি, জি এছ পি আদি কেবাটাও ৰাজনৈতিক দল নামি পৰিছে বিটিআৰ দখলৰ যুঁজত ৷
কোকৰাঝাৰত ইউ.পি.পি.এল.ৰ পৰিবৰ্তন যাত্ৰা - kokrajhar
বড়ো ভূমিত ৰাজনীতিক দলসমূহৰ প্ৰচাৰ অভিযান উঠিছে তুংগত ৷ বড়োভূমিত বিপিএফ, ইউ পি পি এল, বিজেপি, জি এছ পি আদি কেবাটাও ৰাজনৈতিক দল এতিয়া নামি পৰিছে বিটিআৰ দখলৰ যুঁজত ৷
কোকৰাঝাৰত ইউ. পি. পি. এল. দলৰ পৰিৱৰ্তন যাত্ৰা
বৃহস্পতিবাৰে ইউ পি পি এলে কোকৰাঝাৰ জিলাৰ তিলটিলাত বৃহৎ পৰিবৰ্তন যাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰে ৷ বিটিচি পৰিষদীয় বাওশুংৰী সমষ্টিৰ অন্তৰ্গত তিলটিলাত আয়োজন হোৱা এই যাত্ৰাত বহু ইউ পি পি এলৰ সমৰ্থনে অংশগ্ৰহণ কৰে ৷ উক্ত কাৰ্যসূচীৰ অংশ স্বৰূপে এক চাফাই অভিযান কাৰ্যসূচীও সম্পন্ন কৰে দলটোৱে ৷
লগতে পঢ়ক: নিৰ্বাচন নোহোৱা পৰ্যন্ত বি টি আৰত বাহাল থাকিব ৰাজ্যপালৰ শাসন