কোকৰাঝাৰ,22জুলাইঃ মঙলবাৰে বিটিচি পৰিষদীয় 12নং ছালাকাটি (জনজাতি) সমষ্টিৰ UPPL ৰ প্ৰাৰ্থী হীতেশ কুমাৰ মুছাহাৰীৰ মৃত্যু হয় ৷ কিছু দিনৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে মুছাহাৰীয়ে গুৱাহাটীৰ হেল্ট চিটি নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল ৷ ৫৫ বছৰীয়া মুছাহাৰীয়ে মৃত্যুৰ সময়ত পত্নী আৰু দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় ৷
UPPL ৰ প্ৰাৰ্থী হীতেশ কুমাৰ মুছাহাৰীৰ আকস্মিক বিয়োগ - গুৱাহাটীৰ হেল্ট চিটি নাৰ্ছিং হাছস্পতালত চিকিৎসাধীন
শাৰীৰিক অসুস্থতাৰ বাবে মুছাহাৰীয়ে গুৱাহাটীৰ হেল্ট চিটি নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল ৷
![UPPL ৰ প্ৰাৰ্থী হীতেশ কুমাৰ মুছাহাৰীৰ আকস্মিক বিয়োগ kokrajhar-uppl-candidate-hitesh-moshari-death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8121826-1095-8121826-1595391007443.jpg)
UPPL ৰ প্ৰাৰ্থী হীতেশ কুমাৰ মুছাহাৰীৰ আকস্মিক বিয়োগ
ইপিনে মুছাহাৰীৰ মৃত্যুত UPPL ৰ সভাপতি প্ৰমোদ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থা, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷
লগতে পঢ়কঃ বিধায়ক শিলাদিত্যক নীতিশিক্ষা ৰাজেন গোহাঁইৰ