অসম

assam

ETV Bharat / state

সুবিধাবাদী হাগ্ৰামাই কোকৰাঝাৰৰ আধা মাটি কিনি পেলালেঃ প্ৰমোদ বড়ো - "পৰিবৰ্তন দৰকাৰ-ইউ পি পি এলৰ চৰকাৰ"

কোকৰাঝাৰত ইউপিপিএলৰ বিশাল পৰিবৰ্তন জন সভাৰ আয়োজন ৷ দলৰ সভাপতি প্ৰমোদ বড়োয়ে "পৰিবৰ্তন দৰকাৰ-ইউ পি পি এলৰ চৰকাৰ" শীৰ্ষক এটি নিৰ্বাচনী গীতৰ তালে তালে নৃত্য কৰাও দেখা গ’ল।

kokrajhar uppl campaning btc elections
সুবিধাবাদী হাগ্ৰামাই কোকৰাঝাৰৰ আধা মাটি কিনি পেলালেঃ প্ৰমোদ বড়ো

By

Published : Nov 12, 2020, 8:23 PM IST

কোকৰাঝাৰ,12 নৱেম্বৰঃআকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰচাৰ অভিযান । বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱা পূৰ্বেই বিপিএফ, বিজেপি আৰু ইউপিপিএল দলৰ মাজত দেখা পোৱা গৈছে প্ৰতিযোগিতামূলক নিৰ্বাচনী প্ৰচাৰ সভা ।

বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰৰ তিতাগুৰী মাজগাঁও পথাৰত ইউপিপিএলে আয়োজন কৰা বিশাল পৰিবৰ্তন গণ সমাবেশত দলৰ সভাপতি প্ৰমোদ বড়োয়ে "পৰিবৰ্তন দৰকাৰ-ইউ পি পি এলৰ চৰকাৰ" শীৰ্ষক এটি নিৰ্বাচনী গীতৰ তালে তালে নৃত্য কৰাও দেখা গ’ল।

সুবিধাবাদী হাগ্ৰামাই কোকৰাঝাৰৰ আধা মাটি কিনি পেলালেঃ প্ৰমোদ বড়ো

ইপিনে প্ৰমোদ বড়োয়ে নিজৰ ভাষণত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, বিগত 17 বছৰে শাসন চলাই হাগ্ৰামাই দুৰ্নীতি কৰি লুটি পুটি খাইছে, সম্পত্তিৰ পাহাৰ কৰিছে ৷ কোকৰাঝাৰ চহৰৰ আধা মাটি হাগ্ৰামাই কিনি পেলাইছে। হাগ্ৰামাৰ এই দুৰ্নীতি অৱসান ঘটিব লাগিব। হাগ্ৰামাৰ সমষ্টি দেৱৰগাঁৱৰ পৰাই বিপিএফৰ পৰাজয় আৰম্ভ হ’ব বুলি কটাক্ষ কৰে বিপিএফ আৰু হাগ্ৰামা মহিলাৰীক ।
একেদৰে প্ৰমাদ বড়োৱে কয় যে, সুবিধাবাদী হাগ্ৰামাৰ দিন এতিয়া আৰু নাই, ইউপিপিএলে কমেও ৩৩ খন আসন লাভ কৰি বিটিচিত চৰকাৰ গঠন কৰিব ৷

লগতে পঢ়কঃপৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details