অসম

assam

ETV Bharat / state

এবছুৰ ছাত্ৰ দিৱস পালন

কোকৰাঝাৰত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 63 তম জন্মদিন উপলক্ষে এবছুৱে পালন কৰে ছাত্ৰ দিৱস

এবছুৰ ছাত্ৰ দিৱস পালন

By

Published : Mar 31, 2019, 4:51 PM IST

কোকৰাঝাৰ, 31মাৰ্চ : দেওবাৰে কোকৰাঝাৰৰ দোতমাৰ থুলুংগাপুৰীত এবছুৱে পালন কৰে ছাত্ৰ দিৱস । বড়ো জনগোষ্ঠীৰ পিতৃ অৰ্থাৎ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৩ তম জন্মদিন উপলক্ষে এবছুৱে পালন কৰে ছাত্ৰ দিৱস। 2006 চনৰ পৰাই প্ৰতি বছৰৰ মাৰ্চ মাহৰ 31 তাৰিখে ব্ৰহ্মৰ জন্মদিনৰ লগত সংগতি ৰাখি বড়ো জনগোষ্ঠীয়ে ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছে । এই ছাত্ৰ দিৱসত দোতমাৰ থুলুংগাপুৰীৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলীত এবছুৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হৈ শ্ৰদ্ধাঞ্জলিজ্ঞাপন কৰাৰ লগতে কোকৰাঝাৰ জিলাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ শতাধিক লোক উপস্থিত হৈ শ্ৰদ্ধাঞ্জলিজ্ঞাপন কৰে ।

এবছুৰ ছাত্ৰ দিৱস পালন
প্ৰমোদ বড়োৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বড়ো জাতিয়ে বিশ্বত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি নীতিবিহীন, আদৰ্শবিহীন ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়। ইয়াৰ উপৰিও বড়ো জাতীয়ে বসবাস কৰা সমাজখন সুস্থ সমাজ হিচাপে গঢ়ি তুলি বড়ো সমাজত থকা অন্ধবিশ্বাস 100শতাংশই আঁতৰাই পেলোৱা হ'ব বুলি মন্তব্য কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে । বডোফাই যেনেদৰে বড়ো জাতিক গঠন কৰিব বিচাৰিছিল তেনেদৰেই বড়ো জাতীৰ সমাজ গঢ়ি তোলা হ'ব বুলিও মন্তব্য কৰে সভাপতিজনে ।

ABOUT THE AUTHOR

...view details