অসম

assam

ETV Bharat / state

দুই নাবালিকা নিৰ্যাতনকাৰীক কাৰাদণ্ড কোকৰাঝাৰ বিশেষ আদালতৰ - জয়দেৱ কোচৰ বিশেষ আদালত

কোকৰাঝাৰ বিশেষ আদালতে মঙলবাৰে দুটা নাবালিকা নিৰ্যাতনকাৰীৰ সন্দৰ্ভত বিশেষ ৰায়দান কৰে (Kokrajhar special court)৷ নাবালিকা নিৰ্যাতনকাৰী জয়নাল আবেদিনক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমনা বিহে ৷ ৰাহুল মুছাহাৰীক পকছো আইনৰ অধীনত পাঁচ বছৰৰ  কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে ৷

KOKRAJHAR SPECIAL COURT
দুই নাবালিকা নিৰ্যাতনকাৰীক কাৰাদণ্ড কোকৰাঝাৰ বিশেষ আদালতৰ

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:52 AM IST

দুই নাবালিকা নিৰ্যাতনকাৰীক কাৰাদণ্ড কোকৰাঝাৰ বিশেষ আদালতৰ

কোকৰাঝাৰ, ২০ ডিচেম্বৰ : কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে মঙলবাৰে পৃথকে পৃথকে কৰা দুটা ৰায়দানত দুটা নাবালিকা নিৰ্যাতনকাৰীক সশ্ৰম কাৰাদণ্ডৰ লগতে জৰিমনা বিহিছে । ইয়াৰে এটা হ'ল ধুবুৰী জিলাৰ বগৰীবাৰী এলেকাৰ জয়নাল আবেদিন (২৮) আৰু আনটো হ'ল কোকৰাঝাৰ জিলাৰ গোসাইগাঁও এলেকাৰ ৰাহুল মুছাহাৰী (৩০)।

বিশেষ গোচৰ নং ১৭/২০ মৰ্মে জয়দেৱ কোচৰ বিশেষ আদালতে পকছো আইনৰ অধীনত জয়নাল আবেদিনক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে ৬ মাহৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলিও ৰায় প্ৰদান কৰিছে জয়দেৱ কোচৰ বিশেষ আদালতে।

আনহাতে বিশেষ গোচৰ নং ২৮/২০ মৰ্মে জয়দেৱ কোচৰ বিশেষ আদালতে ৰাহুল মুছাহাৰীক পকছো আইনৰ অধীনত পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে দুমাহ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায় প্ৰদান কৰিছে ৷

কোকৰাঝাৰ বিশেষ আদালতৰ চৰকাৰী অধিবক্তা মঞ্জিত কুমাৰ ঘোষে জানিবলৈ দিয়া মতে, ২০২০ চনৰ ১৮ জুনত বগৰীবাৰী এলেকাৰ জয়নাল আবেদিনে এগৰাকী নাবালিকা কিশোৰীক বিয়াৰ প্ৰলোভন দি অসৎ কাৰ্য চৰিতাৰ্থ কৰে ৷ পিচত কিশোৰীগৰাকীৰ পৰিয়ালে ২১ জুনত বগৰীবাৰী থানাত এক গোচৰ তৰে ৷ বগৰীবাৰী থানাৰ গোচৰ নং ৬৪/২০ আৰু বিশেষ গোচৰ নং ১৭/২০ মৰ্মে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল আৰু মঙলবাৰে কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু পকছো আইনৰ ৪(১)মৰ্মে জয়নাল আবেদিনক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে ৬ মাহৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলিও ৰায় প্ৰদান কৰিছে ৷

আনহাতে এগৰাকী কিশোৰীক অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে ৰাহুল মুছাহাৰীয়ে নাবালিকাগৰাকীক হাতত ধৰি টানি কলবাগানত নিছিল যদিও কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত আচামীটো পলাই যায় ৷ পিচত পৰিয়ালৰ লোকে ২০২০ চনৰ ১৫ আগষ্টত গোসাইগাঁও থানাত ৰাহুল মুছাহাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ।

গোসাইগাঁও থানাৰ গোচৰ নং ৩৩৯/২০ আৰু বিশেষ গোচৰ নং ২৮/২০ মৰ্মে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল ৷ অৱশেষত মঙলবাৰে কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে ৰাহুল মুছাহাৰীক পকছো আইনৰ অধীনত পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে পাঁচ হেজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা অনাদায়ে দুমাহ অতিৰিক্ত কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায় প্ৰদান কৰিছে।

লগতে পঢ়ক:ক’ৰ্ট-কাছাৰী দেখি নোপোৱা এখন অপৰাধমুক্ত গাঁৱলৈ যাওঁ আহক...

ABOUT THE AUTHOR

...view details