ETV Bharat Assam

অসম

assam

ETV Bharat / state

অসৎ চৰিতাৰ্থ কামনাৰ শাস্তি ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড - জৰিমনা

Assam rape news: নাবালিকা ধৰ্ষণকাৰীক কোকৰাঝাৰ বিশেষ আদালতৰ ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান ৷ 20 হেজাৰ টকাৰ জৰিমনা ৷ জৰিমনা আদায় নিদিলে অতিৰিক্ত ৬ মাহ কাৰাবাসৰ ৰায়দান কোকৰাঝাৰ জয়দেব কোচৰ বিশেষ আদালতৰ ৷

kokrajhar special court punishes a rapist with thirty years imprisonment
ধৰ্ষণকাৰী
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 8:28 PM IST

কোকৰাঝাৰ বিশেষ আদালতৰ ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান

কোকৰাঝাৰ, ২০ ডিচেম্বৰ :নাবালিকা ধৰ্ষণকাৰী এটাক বুধবাৰে কোকৰাঝাৰৰ বিশেষ আদালতে সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হোৱা ধৰ্ষণকাৰীটো হ’ল পশ্চিমবংগৰ আলীপুৰ দুৱাৰৰ চেংমাৰী গাঁৱৰ কনক ৰায় ৷ কোকৰাঝাৰৰ জয়দেব কোচৰ বিশেষ আদালতে কনক ৰায়ক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হেজাৰ টকাৰ জৰিমনা বিহে ৷

উল্লেখিত জৰিমনা আদায় নিদিলে কনক ৰায়ে অতিৰিক্ত ৬ মাহ কাৰাবাস খাটিব লাগিব বুলি জয়দেব কোচৰ বিশেষ আদালতে আজি ৰায়দান প্ৰদান কৰিছে ৷ উল্লেখ্য যে, পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ চেংমাৰীৰ কনক ৰায় নামৰ লম্পটটোৱে এগৰাকী নাবালিকাক ২০২২ চনৰ আগষ্টৰ মাহৰ ২১ তাৰিখে ধৰ্ষণ কৰিছিল । ঘৰত কোনো নথকাৰ সুযোগ লৈ নৰপিশাচে নিজৰ স্বাৰ্থ সিদ্ধি কৰিছিল ৷ পিচত ঘটনা সন্দৰ্ভত ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালে ২০২২ চনৰ ২৪ আগষ্টত গোসাইগাঁও থানাত এক গোচৰ ৰুজু কৰিছিল ৷ সেই অনুসৰি ৩১৩/২২ গোচৰ নং মৰ্মে ১২০ (বি)/ ৩৭৬ ধাৰাৰ অধীনত আৰু বিশেষ গোচৰ নং ৬৫/২২ মৰ্মে কোকৰাঝাৰ বিশেষ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল ।

আজি উক্ত বিচাৰৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে কনক ৰায়ক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হেজাৰ টকা জৰিমনা বিহে ৷ উল্লেখ্য যে, কালিও অৰ্থাৎ মঙলবাৰে কোকৰাঝাৰৰ জয়দেব কোচৰ বিশেষ আদালতে দুই নাবালিকা নিৰ্যাতনকাৰী ক্ৰমে জয়নাল আবেদিন (২৮) আৰু ৰাহুল মুছাহাৰী (৩০)ক ক্ৰমে ২৫ বছৰ সশ্ৰম আৰু ৫ বছৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছিল ৷

লগতে পঢ়ক :কিশোৰীক ধৰ্ষণ কৰি পলাতক অভিযুক্ত

ABOUT THE AUTHOR

...view details