কোকৰাঝাৰ, ছেপ্টেম্বৰ 21 :কোকৰাঝাৰ কাণ্ড সন্দৰ্ভত অৱশেষত মুখ খুলিলে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে । কোকৰাঝাৰৰ জিলা দণ্ডাধীশ শৈলেন দাসক শাৰীৰিকভাৱে অপদস্থ কৰিছিল জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷ গৌৰাংভেলী হোটেলত অনুষ্ঠিত নৈশ ভোজমেলত কোনো কথাত মতবিৰোধ হোৱাত শৈলেন দাসক ডিঙিত ধৰি চোঁচৰাই বাহিৰলৈ লৈ যায় ৰাজেন সিঙে ৷ শনিবাৰে মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্ত ঘোষণা কৰি দায়িত্ব অৰ্পণ কৰিছিল নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰমক ৷ তাৰ পাচতেই মুখ খুলিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷
মুখ খুলিলে ৰাজেন সিঙে : "এইয়া বন্ধুৰ মাজৰ কাজিয়াহে" - বন্ধুৰ মাজত হোৱা এইয়া স্বাভাৱিক সংঘাত
কোকৰাঝাৰৰ জিলা দণ্ডাধীশ শৈলেন দাসক শাৰীৰিকভাৱে অপদস্থ কৰিছিল জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷ গৌৰাংভেলী হোটেলত অনুষ্ঠিত নৈশ ভোজমেলত কোনো কথাত মতবিৰোধ হোৱাত শৈলেন দাসক ডিঙিত ধৰি চোঁচৰাই বাহিৰলৈ লৈ যায় ৰাজেন সিঙে ৷

"এইয়া বন্ধুৰ মাজৰ কাজিয়াহে"
"এইয়া বন্ধুৰ মাজৰ কাজিয়াহে"
শনিবাৰে কোকৰাঝাৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত একপ্ৰকাৰৰ হাস্যকৰ উত্তৰ দিয়ে ৰাজেন সিঙে। শৈলেন দাসক কিয় অপদস্থ কৰা হ'ল সেই কথা নকৈ নিজে অধ্যয়ন কৰা মহাবিদ্যালয়ৰ হোষ্টেলত থকা সময়ৰ বন্ধুত্বৰ কথাহে উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷ বন্ধুৰ মাজত হোৱা এইয়া স্বাভাৱিক সংঘাতহে কৰ্মক্ষেত্ৰৰ শত্ৰুতা নহয় বুলি কয় এছ পি ৰাজেন সিঙে ৷ বৰ্তমান যিহেতু সমগ্ৰ ঘটনা তদন্তৰ আঁওতাত আছে গতিকে তদন্তৰ পিচত যি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া মানি ল'ব বুলি জানিবলৈ দিয়ে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে।