অসম

assam

By

Published : Aug 23, 2020, 3:36 PM IST

ETV Bharat / state

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ক'ভিড-19 প'জিটিভ

কোকৰাঝাৰত ভয়ংকৰ ৰূপে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছ ৷ ইতিমধ্যে জিলাখনত ১২০০ জনৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে বুলি জানিবলৈ পোৱা গৈছে ৷

Kokrajhar  SP  COVID-19 Positive
কোকৰাঝাৰত পুনৰ আৰক্ষী অধীক্ষকৰ দেহত ক'ভিড-19 প'জিটিভ

কোকৰাঝাৰ, 23 আগষ্টঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ঠিক একেদৰে কোকৰাঝাৰ জিলাতো ইতিমধ্যে বহু লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইফালে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনৰ লগতে ঘৰৰ আন পাঁচগৰাকী লোকো আক্ৰান্ত হৈছে ক'ভিড-19 ত ৷

আৰক্ষী বিষয়াগৰাকীৰ লগতে পৰিয়ালৰ সদস্যসকল কৰ'ণাত আক্ৰান্ত হোৱাত ইতিমধ্যে স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিয়ালটোক ৷ তাৰ উপৰিও কেইদিনমান পূৰ্বে কোকৰাঝাৰ জিলাৰ দুজনকৈ অতিৰিক্ত উপাযুক্ত দেৱেশ্বৰ বৰা আৰু ভাস্কৰ দাসো কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ পোৱা গৈছে ৷ জিলাখনত বৰ্তমানলৈ ছয় গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ বৰ্তমান জিলাখনত ১২০০ জনৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে বুলি জানিবলৈ পোৱা গৈছে ৷

বৰ্তমান অসমত তথ্য অনুসৰি কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে - 89468 গৰাকী ৷ তাৰে ভিতৰত আৰোগ্য লাভ কৰিছে -65596 গৰাকীয়ে , বৰ্তমান -23635 গৰাকী চিকিৎসাধীন হৈ আছে ৷ আৰু এই ৰোগত ৰাজ্য খনৰ -234 গৰাকী লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক- চৰকাৰৰ ওচৰত সহায়ৰ হাত বিচৰা এটা অসহায় পৰিয়াল

ABOUT THE AUTHOR

...view details