অসম

assam

ETV Bharat / state

কৰ'ণা মহামাৰীয়ে কোঙা কৰা এখন আদৰ্শ গাঁও! - goshaigaon

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাধীন কৰ্মকাৰপাৰাৰ কাঁহ শিল্পীসকলে ভুগিছে আৰ্থিক সংকটত ৷ লক ডাউনৰ বাবে বন্ধ হৈ পৰিছে গাঁওবাসীৰ কাঁহৰ বাচন নিৰ্মাণৰ কাম ৷ ঘৰতে পৰি ৰৈছে কাঁহৰ বিভিন্ন বাচন ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে কাঁহ শিল্পীসকল ৷

lockdown_affects_small_industry
কৰ্মকাৰপাৰাৰ কাঁহ শিল্পীসকলে ভুগিছে আৰ্থিক সংকটত

By

Published : Aug 6, 2020, 7:24 PM IST

কোকৰাঝাৰ, 6আগষ্ট:অসমৰ এখন বিশেষ গাঁও ৷ যি গাওঁখনে নিজ কৰ্মৰ বাবে আদৰ্শ গাঁও হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজ্যত | যি গাঁওবাসীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল কাঁহ শিল্পৰ বিভিন্ন সামগ্ৰী ৷ কিন্তু বৰ্তমান ভয়াৱহ কৰ'ণা আৰু ল'কডাউনৰ বাবে যেন মৃত্যুঘণ্টা বাজিছে এই আদৰ্শস্বৰূপ গাঁওখনত |

কৰ'ণা মহামাৰীয়ে কোঙা কৰা এখন আদৰ্শ গাঁও!

অন্য এক খবৰৰ বাবে: আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ ৰাহুল গান্ধীৰ

এইখন কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অধীনৰ কৰ্মকাৰপাৰা নামৰ এখন বিশেষ গাওঁ | যি গাওঁৰ থলুৱা পৰিয়ালে আজি বিগত বহু বছৰৰ আগৰ পৰাই পূৰ্ব-পুৰুষৰ কৰ্মৰাজিৰ ধাৰা অক্ষুণ্ণ ৰাখি নিৰ্মাণ কৰি আহিছে কাঁহৰ বিভিন্ন বাচন-বৰ্তন | কাঁহ শিল্পৰ বিভিন্ন সা-সামগ্ৰী তৈয়াৰীৰে যুগ-যুগ ধৰি পৰিয়াল পোহপাল দি আহিছে কোকৰাঝাৰৰ এই বিশেষ গাঁওখনে ৷ উল্লেখ্য যে, এই গাঁওখনৰ কেইবাটাও পৰিয়ালে বিগত সময়চোৱাত কাঁহশিল্পৰ সামগ্ৰী তৈয়াৰীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও আজি যেন এওঁলোকৰ অৱস্থা শোচনীয় |

শেহতীয়াকৈ মহামাৰী ক’ৰণাক লৈ ৰাজ্যত অব্যাহত থকা লকডাউনে যেন এতিয়া চৰম আৰ্থিক সংকটত ভোগাইছে উক্ত গাঁৱৰ একাংশ পৰিয়ালক ৷ বিগত কেইবামাহ ধৰি হৈ অহা লকডাউনত যেন এতিয়া একপ্ৰকাৰ বন্ধ হৈ পৰিছে এওঁলোকৰ কাম আৰু ঘৰতে পৰি ৰৈছে লকডাউনৰ পূৰ্বে তৈয়াৰ কৰা কাঁহ-পিতলৰ বিভিন্ন সা-সামগ্ৰীসমূহ ৷ লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰা উক্ত গাঁওবাসীৰ চৰকাৰলৈ কাঁতৰ আহ্বান ৰাজ্য চৰকাৰে তেওঁলোকক আৰ্থিকভাৱে সহায় আগবঢ়াওক আৰু তেওঁলোকৰ এই ক্ষুদ্ৰ কাঁহশিল্পৰ উদ্যোগটোক ৰক্ষা কৰক ৷

ABOUT THE AUTHOR

...view details