অসম

assam

ETV Bharat / state

কোকৰাঝাৰত দক্ষতা বৃদ্ধি প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

অসম স্কিল ডেভলপমেণ্ট মিছনৰ অধীনত থকা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গোৱাৰীয়ে ৷

By

Published : Aug 28, 2019, 1:34 AM IST

কোকৰাঝাৰত দক্ষতা বৃদ্ধি প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

কোকৰাঝাৰ, 28 আগষ্ট: মঙলবাৰে কোকৰাঝাৰত মুকলি হল অসম স্কিল ডেভেলপমেণ্ট মিছনৰ অধীনত দক্ষতা বৃদ্ধি প্ৰশিক্ষণ কেন্দ্ৰ ৷ বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গোৱাৰীয়ে মুকলি কৰা কেন্দ্ৰটোত কম্পিউটাৰ, চিচি টিভি আৰু নেটৱৰ্ক ষ্টৰেজ আদিৰো প্ৰশিক্ষণ দিয়া হব ৷ উল্লেখযোগ্য যে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰিবৰ বাবে বিভিন্ন দিশত প্ৰশিক্ষণ দি অহাৰ লগতে বৰ্তমানলৈকে 15টা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু প্ৰায় 800 জনৰো অধিক নিবনুৱা যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ যুৱক-যুৱতী সকলে আচাৰ বনোৱা, মেকআপ, বিউতি পাৰ্লাৰ, ডাটা এন্ট্ৰি, গাহৰি ইত্যাদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ আশা কৰা হৈছে এই প্ৰশিক্ষণৰ জৰিয়তে বহু নিবনুৱা যুৱক-,যুৱতী লাভাৱান হব বুলি আশা কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details