অসম

assam

ETV Bharat / state

পৃথক বড়োলেণ্ডৰ দাবীত আকৌ হ’ব আন্দোলনঃছানছুমা - Kokrajhar sansuma khungur bismuthiary pressmeet assam etv bharat news

পৰিষদীয় নিৰ্বাচনী তৎপৰতাৰ মাজত বিটিআৰক নস্যাৎ কৰি কোকৰাঝাৰত অনুষ্ঠিত বিশেষ অভিৱৰ্তন ৷ সমাগত বিটিচি নিৰ্বাচনত বড়ো জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন এবছুক ৰাজনীতিৰ পৰা আঁতৰি নিৰপেক্ষ ভূমিকা গ্ৰহণৰ আহ্বান জনাইছে এবছুৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুতিয়াৰীয়ে ৷

Kokrajhar sansuma khungur bismuthiary pressmeet assam etv bharat news
বিশেষ অভিৱৰ্তন

By

Published : Mar 9, 2020, 6:55 PM IST

কোকৰাঝাৰ, 9 মাৰ্চঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বড়ো শান্তি চুক্তি বিটিআৰ-ক কেন্দ্ৰ কৰি দেওবাৰে কোকৰাঝাৰ চহৰস্থিত গড়কাপ্তানি বিভাগৰ অতিথিশালাত এখন বিশেষ অভিৱৰ্তন অনুষ্ঠিত হয় ৷ বিশেষ অভিৱৰ্তনখনৰ পিছত সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত এবছুৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুতিয়াৰীয়ে বিটিআৰ চুক্তি গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰে ৷

পৃথক বড়োলেণ্ডৰ দাবী

এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োক টাৰ্গেট কৰি এবছুৰ প্ৰাক্তন নেতা, কৰ্মী আৰু বড়োসকলৰ সামাজিক সংগঠনসমূহৰ নেতৃবৃন্দক আস্থা আৰু বিশ্বাস নকৰি একপক্ষীয়ভাৱে স্বাক্ষৰ কৰা বিটিআৰ চুক্তিক লৈ কেতিয়াও সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ লগতে ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰে বিছমুতিয়াৰীয়ে ৷ বিটিআৰ চুক্তি বড়োসকলৰ অন্তিম চুক্তি হ’ব নোৱাৰে ৷ এই চুক্তিৰ জৰিয়তে হেজাৰ হেজাৰ বড়ো শ্বহীদৰ ত্যাগ আৰু বলিদানক অৱমাননাহে কৰা হৈছে ৷ কেইবাদশকজোৰা পৃথক বড়োলেণ্ড গঠনৰ দাবীত চলা আন্দোলন এতিয়াও শেষ হৈ যোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰি পৃথক বড়োলেণ্ডৰ দাবীত পুনৰ শক্তিশালী ৰূপত আন্দোলন আৰম্ভ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷ ইপিনে বিটিআৰ চুক্তিক নস্যাৎ কৰি পৃথক বড়োলেণ্ড গঠনৰ বাবে বৈঠক আহ্বান কৰাৰ দাবীত বড়োসকলৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে শীঘ্ৰে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বুলি প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুতিয়াৰীয়ে জানিবলৈ দিয়ে ৷

বিশেষ অভিৱৰ্তন

উল্লেখ্য যে, প্ৰাক্তন সাংসদ গৰাকীৰ উপৰিও বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক ড৹ শ্বেখৰ ব্ৰহ্ম, বড়োলেণ্ড সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী, পশ্চিমবংগৰ বড়ো ইতিহাসবিদ হীৰাচৰণ নাৰ্জাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুুুুমাৰ বৰগয়াৰী, এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰদীপ দৈমাৰী, কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ ৰূপম বড়োসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

লগতে চাওকঃখহনীয়াগ্ৰস্ত মাজুলীবাসীৰ হুমুনিয়াহবোৰ কোনে শুনিব !

ABOUT THE AUTHOR

...view details