অসম

assam

ETV Bharat / state

কোকৰাঝাৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গ’ল এজনৰ - ৰেলিঙত খুন্দা মৰাৰ ফলতে

আৰক্ষী আৰু পৰিয়াল সূত্ৰই সদৰি কৰা মতে বিশ্বদেৱ মুছাহাৰীয়ে যোৱা নিশা চিম্বৰগাঁৱত থকা শহুৰেকৰ ঘৰত নিশাটো কটাই শনিবাৰে ৰাতিপুৱা মটৰ চাইকেলেৰে (AS-16G-0323) ঘৰলৈ আহোতেই হল্টুগাঁওৰ গৌৰাং নদীৰ দলঙৰ ওপৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয়।

kokrajhar accident one death
কোকৰাঝাৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গ’ল এজনৰ

By

Published : Oct 31, 2020, 7:14 PM IST

কোকৰাঝাৰ,৩১ অক্টোবৰঃ শনিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ হল্টুগাঁৱৰ গৌৰাং নদীৰ ওপৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী যুৱকে থিতাতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। মটৰ চাইকেল দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হোৱা যুৱকগৰাকী ভোগ আমগুৰী,ডমৰুগুৰীৰ বিশ্বদেৱ মুছাহাৰী(২৪)।

ইপিনে আৰক্ষী আৰু পৰিয়াল সূত্ৰই সদৰি কৰা মতে বিশ্বদেৱ মুছাহাৰীয়ে যোৱা নিশা চিম্বৰগাঁৱত থকা শহুৰেকৰ ঘৰত নিশাটো কটাই শনিবাৰে ৰাতিপুৱা মটৰ চাইকেলেৰে (AS-16G-0323) ঘৰলৈ আহোতেই হল্টুগাঁওৰ গৌৰাং নদীৰ দলঙৰ ওপৰত সংঘটিত হোৱা পথ দূৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয়।

আনহাতে একাংশ প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰা মতে হল্টুগাঁওৰ গৌৰাং নদীৰ দলঙৰ পশ্চিম মুৰত থকা পথৰ গাতৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে, মটৰচাইকেলৰ আগচকাটোৱে দলঙৰ গাতে লাগি থকা গাতত পৰাত মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মৰাৰ ফলতে বিশ্বদেৱ মুছাহাৰী মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে কৰুণ ভাৱে মৃত্যুক সাৱটি লয়। সৰবৰাহী যুৱকজনৰ মৃত্যুত ডমৰুগুৰীত শোকৰ ছাঁ পৰিছে।


লগতে পঢ়কঃ বাক্সাত বিপিএফ আৰু ইউপিপিএলৰ সদস্যৰ সংঘাত

ABOUT THE AUTHOR

...view details