কোকৰাঝাৰ, 9 জুলাইঃ কোকৰাঝাৰ চহৰত এতিয়া দিনে দিনে বৃদ্ধি পাইছে স্মাৰ্ট চোৰৰ তাণ্ডৱ ৷ কিন্তু চোৰকেইটাক নাকী লগাব পৰা নাই কোকৰাঝাৰ আৰক্ষীয়ে । মঙলবাৰে চহৰখনৰ 11 নং ৱাৰ্ডৰ নৌনগৰত ঘৰত মানুহ নথকাৰ সুযোগ লৈ দিন দুপৰতে তাণ্ডৱ চলাই চোৰে ৷ দুই লক্ষাধিক সোণৰ অলংকাৰ লৈ উধাও হয় চোৰ কেইজন ৷
কোকৰাঝাৰ চহৰত স্মাৰ্ট চোৰৰ তাণ্ডৱ - চোৰৰ তাণ্ডৱ
দিনদুপৰতে দুই লক্ষাধিক সোণৰ অলংকাৰ লৈ উধাও
কোকৰাঝাৰ চহৰত স্মাৰ্ট চোৰৰ তাণ্ডৱ
পশু চিকিৎসালয়ত কৰ্মৰত জুনু বসুমতাৰী আৰু কোকৰাঝাৰ এইছ ডি এফ চি বেংকৰ কৰ্মচাৰী অমৰ্জিত নাৰ্জাৰীৰ ঘৰৰ তলা ভাঙি কোঠাত প্ৰৱেশ কৰি লুৎপাত চলাই চোৰকেইজনে । মুঠ দুই লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ উধাও হয় চোৰকেইজন । অৱশেষত ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ তদন্ত চলায় যদিও চোৰ কেইজনে কেনেকৈ বা কি দৰে প্ৰকাণ্ড লোহাৰ গেট আৰু পকী দেৱালক পাৰ কৰি ঘৰত প্ৰৱেশ কৰিলে বৰ্তমানলৈ উমান পোৱা নাই আৰক্ষীয়ে ৷