কোকৰাঝাৰ,২ মেঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত পুৰণি বজাৰৰ বাসিন্দা নাছিফ আহমেদ ওৰফে ৰিংকু নামৰ লোক জনৰ বাসগৃহত বুধবাৰে নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড। ঘৰৰ মালিকে সদৰী কৰা মতে, প্ৰৱল বৰষুণৰ মাজতে ডকাইতৰ দলটোৱে তেওঁৰ ঘৰত প্ৰৱেশ কৰি তেওঁক বান্ধি থৈ লুটি নিয়ে নগদ ধন, সোণ,মোবাইলকে ধৰি ৫ লাখৰো অধিক সা - সম্পত্তি ।
প্ৰৱল বৰষুণৰ মাজতে কোকৰাঝাৰত ডকাইতি ! মালিকক বান্ধি থৈ লুটি নিলে ৫ লাখ টকাৰ সা-সম্পত্তি
কোকৰাঝাৰ জিলাত বুধবাৰে নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড। চাৰিজনীয়া ডকাইতিৰ দল এটাই মুখত কাপোৰ বান্ধি প্ৰৱেশ কৰি মালিকক বান্ধি থৈ লুটি নিলে নগদ ১ লাখ ১৮ হাজাৰ, ১২৪ গ্ৰাম সোণ, দুটা মোবাইলসহ অন্যান্য সামগ্ৰী ।
প্ৰৱল বৰষুণৰ মাজতে এঘৰত ডকাইতি
তেওঁৰ মতে বুধবাৰে নিশা দুই মান বজাত ঘৰৰ ভিতৰত চাৰিজনীয়া ডকাইতিৰ দল এটাই মুখত কাপোৰ বান্ধি প্ৰৱেশ কৰি তেওঁক বান্ধি থৈ লুটপাত চলায়। ডকাইতৰ দলটোৱে লুটি নিয়ে ঘৰত থকা নগদ ১ লাখ ১৮ হাজাৰ, ১২৪ গ্ৰাম সোণ, দুটা মোবাইল আৰু আন সা-সামগ্ৰী। ইতিমধ্যে ব্যক্তিজনে ঘটনা সন্দৰ্ভত ফকিৰাগ্ৰাম আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।