অসম

assam

By

Published : Jul 26, 2019, 11:27 PM IST

ETV Bharat / state

মৰণ ফাণ্ডৰ ৰূপত গৌৰাং নৈৰ দলং

মৰণক শৰণ দি যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে গাওঁবাসীয়ে কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু অসম চৰকাৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমষ্টিৰ অধীনত থকা এই গাঁও কেইখনৰ জনতাৰ দুখ দুৰ্দশাৰ বুজ লবলৈ আহৰি নাই জনপ্ৰতিধিনিধিৰ।

গৌৰাং নৈ

কোকৰাঝাৰ, 26 জুলাইঃবিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা গৌৰাং নৈৰ দলং খন বাৰিষা কালত বেশেককৈ, কোমলাচৰা, চেঁচাপানী আৰু বাগিচা গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ থল ৷ কাৰণ নৈখন পাৰ হ'বলৈ নাই স্থায়ী দলঙৰ ব্যৱস্থা ৷ খৰালী মাহত নাঁৱেৰে পাৰ হোৱা নৈখনে বাৰিষা হ'লেই ৰুদ্ৰ মূৰ্তি ধৰাৰ ফলত ৰে'লৰ দলংখনেৰে পাৰ হয় স্থানীয় ৰাইজ ৷ এখন দলঙৰ ওপৰেৰে ৰে'লৰ যাত্ৰা লগতে ৰাইজৰ যাতায়ত ৷ দলঙৰ ওপৰেৰে পাৰ হোৱা সময়চোৱাত কেতিয়াবা ৰে'লৰ বাবে দলঙতেই আবদ্ধ হৈ পৰিবলগীয়া হয় স্থানীয় ৰাইজ ৷

গৌৰাং নৈ

তৎসত্বেও মৰণক শৰণ দি এনেদৰে যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে গাওঁবাসীয়ে কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু অসম চৰকাৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমষ্টিৰ অধীনত থকা এই গাঁও কেইখনৰ জনতাৰ দুখ দুৰ্দশাৰ বুজ লবলৈ আহৰি নাই জনপ্ৰতিধিনিধিৰ। খৰালি কালত ৰাইজে নৈখনৰ ওপৰত বাঁহৰ দলং বনাই যদিও বাৰিষা বানপানীয়ে উটুৱাই লৈ যায় দল খন ৷ সেয়ে এনেদৰে জীৱন অতিবাহিত কৰিছে গাঁওবাসীয়ে ৷

ABOUT THE AUTHOR

...view details