অসম

assam

By

Published : Aug 12, 2019, 6:44 PM IST

ETV Bharat / state

কোকৰাঝাৰ প্ৰশাসনৰ উদ্যোগত ডাইনী হত্যাক লৈ সজাগতা সভা

কোকৰাঝাৰৰ জোৰনাগ্ৰা গাঁৱৰ ডাইনী কাণ্ডই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ পিচতেই সোমবাৰে অঞ্চলটোৰ শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ উদ্দেশ্যে কোকৰাঝাৰ প্ৰশাসনে আয়োজন কৰে ডাইনী হত্যাক লৈ এক বিশেষ সজাগতা সভা

কোকৰাঝাৰ প্ৰশাসনৰ উদ্যোগত ডাইনী হত্যাক লৈ সজাগতা সভা

কোকৰাঝাৰ,12 আগষ্টঃ সোমবাৰে কোকৰাঝাৰ প্ৰশাসন,কোকৰাঝাৰ আৰক্ষীয়ে যৌথভাৱে জোৰনাগ্ৰা গাঁৱত এখন শান্তি আৰু সজাগতা সভা অনুষ্ঠিত কৰে। এই সভাত ডাইনী হত্যা তথা অন্ধবিশ্বাসৰ বিভিন্ন দিশসমূহ সামৰি সজাগতাৰ বাবে বিশেষ প্ৰয়াস চলোৱা হয় ৷

কোকৰাঝাৰ প্ৰশাসনৰ উদ্যোগত ডাইনী হত্যাক লৈ সজাগতা সভা

উল্লেখ্য যে,কিছুদিনপূৰ্বে জোৰনাগ্ৰা গাঁৱৰ বাসিন্দা ভদ্ৰেশ্বৰ ৰাভা আৰু তেওঁৰ পৰিয়ালক ডাইনীৰ সন্দেহত গাঁও ত্যাগ কৰাৰ নিৰ্দেশ দিছিল গাঁৱৰ একাংশই। এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত চলাই জোৰনাগ্ৰা গাঁৱৰ গাওঁবুঢ়া,ভিডিপি সম্পাদককে ধৰি ছজনকৈ লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ অঞ্চলটোত হৈ থকা অন্ধবিশ্বাসৰ ঘটনা লাঘৱ কৰি শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ উদ্দেশ্যেই এই সজাগতা সভা অনুষ্ঠিত কৰে জিলা প্ৰশাসনে ৷

ABOUT THE AUTHOR

...view details