কোকৰাঝাৰ, 21 ফেব্ৰুৱাৰীঃবিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী ছিউলী মহিলাৰীৰ বাহনত বৃহস্পতিবাৰে সন্ধিয়া কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী উল্টাপানীত শিলগুটি নিক্ষেপ কৰা ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত বিপিএফৰ মহিলা শাখাৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল ৷ বিটিচি অঞ্চলত শান্তি বিচাৰি বিপিএফৰ বিশাল প্ৰতিবাদী সমদলৰ লোকসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিপিএফৰ মহিলা কোষৰ সভানেত্ৰী সুপ্ৰিয়াৰাণী ব্ৰক্ষই উল্টাপানীত দুবৃত্তৰ আক্ৰমণৰ ঘটনাৰ তদন্ত বিচাৰি দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনোৱাৰ লগতে দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰৰ যোগেৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ এই সমদলত অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মইও এই ঘটনাক তীব্ৰ সমালোচনা কৰে ৷
হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত শিলগুটি নিক্ষেপঃ উত্তাল কোকৰাঝাৰ - বিপিএফৰ মহিলা কোষৰ সভানেত্ৰী সুপ্ৰিয়াৰাণী ব্ৰক্ষ
বৃহস্পতিবাৰে সন্ধিয়া কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তী উল্টাপানীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী ছিউলী মহিলাৰীৰ বাহনত শিলগুটি নিক্ষেপ কৰা ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত বিপিএফৰ মহিলা শাখাৰ প্ৰতিবাদ ৷

উত্তাল কোকৰাঝাৰ
হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত শিলগুটি নিক্ষেপঃ উত্তাল কোকৰাঝাৰ
আনহাতে এই ঘটনাৰ বাবে এবছুক জগৰীয়া কৰাত আজি ছাত্ৰ সংগঠনটোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কোকৰাঝাৰস্থিত টেঙাপাৰাৰ মাইবং হাউচত আজি এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সৌমদন বসুমতাৰীয়ে আয়োজন কৰা এক সংবাদমেলত হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত আক্ৰমণৰ ঘটনাত এবছু জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে ৷
লগতে পঢ়কঃলখিমপুৰত বিজেপিৰ ৰাজ্যিক সভাপতিক ক'লা পতাকা প্ৰদৰ্শন