কোকৰাঝাৰ, 13 আগষ্ট: ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ চহৰত পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ সমদল ৷ কোকৰাঝাৰৰ মুখ্য চহৰ অসম অইলৰ পৰা আৰম্ভণি হোৱা সমদল জেডি পথ হৈ বিটিচি সচিবালয়ত অন্ত পৰে ৷
স্বাধীনতা দিৱস উপলক্ষে কোকৰাঝাৰত সমদল - KOKRAJHAR
ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ চহৰত পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ সমদল ৷
স্বাধীনতা দিৱস উপলক্ষে কোকৰাঝাৰত সমদল
উক্ত সমদলত উপস্থিত থাকে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ, পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক এম এম ব্ৰহ্ম, অতিৰিক্ত আৰক্ষী অধীক্ষক তাবোৰাম পেগু, ৰোজি ৰাণী শৰ্মাকে ধৰি জিলাৰ আন প্ৰশাসনিক বিষয়া সকল ৷ এই সমদলে সাধাৰণ জনতাৰ মাজত দেশ প্ৰেমৰ ভাৱ জগাই তুলিব বলি মন্তব্য কৰে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷