কোকৰাঝাৰ,6 এপ্ৰিল:অৱশেষত শান্তিপূৰ্ণভাৱে অন্ত পৰিল কোকৰাঝাৰৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটদান ৷ জিলাখনৰ তিনিটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ প্ৰায় ৮৩ শতাংশ ৷ ইভিএমত তথা ষ্ট্ৰং ৰুমত বন্দী হৈছে ২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ মঙলবাৰে পুৱাৰে পৰা জিলাখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে দীঘলীয়া শাৰী পাতি ভোটদান কৰে ।
৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিত ৮২ শতাংশ, ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিত ৮৪.২১ শতাংশ আৰু ২৮ নং গোঁসাইগাঁও বিধানসভা সমষ্টিত ৮৩.০১ শতাংশ ভোটদান সম্পন্ন হয় । পুৱাৰ ভাগত দুই-এঠাইত ইভিএম আৰু ভিভিপেটত কিছু বিসংগতিৰ সৃষ্টি হয় যদিও প্ৰশাসনে তৎপৰতাৰে ঠিক কৰাত সুকলমে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয় ।