কোকৰাঝাৰ, ৩১ মে':দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে । সোমবাৰে বিয়লি জিলাখনৰ গোসাইগাঁও মহকুমাৰ অসম-পশ্চিমবংগ সীমান্তৰ শিমুলটাপু গাঁৱত আৰক্ষীৰ গুলীত শাহজালাল শ্বেখ(54) নামৰ চোৰাং গৰু সৰবৰাহকাৰী জন আহত হয় ।
প্ৰাপ্ত বাতৰি অনুসৰি জিলাখনৰ গোসাঁইগাঁওৰ 1 নং শিমুলটাপু গাঁৱত গৰু চিণ্ডিকেট চক্ৰৰ নায়ক তথা বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত শাহজালাল শ্বেখক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ যাঁওতেই উক্ত ঘটনাটো সংঘটিত হয় । আৰক্ষীৰ দল দেখি শাহজালাল শ্বেখে আৰক্ষীলৈ লক্ষ্য কৰি দুই জাঁই গুলি নিক্ষেপ কৰি পলায়নৰ চেষ্টা কৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেৰ্তৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে ।