কোকৰাঝাৰ, 13 জুন : কোকৰাঝাৰৰ অভয়াকুটিত ৰহস্যজনকভাৱে গছত চিপজৰী লোৱা অৱস্থাৰ পৰা সম্পৰ্কীয় দুই নাবালিকা ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাচত কোকৰাঝাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পাঁচগৰাকী যুৱকক আটক কৰিছে । আটকাধীন যুৱক কেইজন ক্ৰমে জিলাখনৰ শালবাৰীৰ জাহানুৰ ইছলাম (20), মোজাম্মেল শ্বেখ (20), হৰিৰদোলৰ আতাফ আলী (26), সুতীপাৰাৰ শংকৰদেৱ বৰ্মন (27) আৰু ধুবুৰী জিলাৰ চাপৰৰ নিউ হাতিপোতাৰ হানিফ শ্বেখ (20) ৷
কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে (kokrajhar sp vijay kumar) দেওবাৰে সংবাদমাধ্যমৰ আগত আটকাধীন যুৱক কেইজনৰ বিষয়ে সদৰী কৰে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰা মতে, গোচৰটোৰ তদন্ত দ্ৰুতগতিতত আগবাঢ়ি আছে আৰু সকলো সম্ভাৱনীয়তাক গোচৰৰ আওতালৈ অনা হৈছে । ইতিমধ্যে, কেইবাগৰাকী লোকক আৰক্ষীয়ে সোধপোছ কৰিছে । বৰ্তমানলৈকে, আৰক্ষীৰ হাতলৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহা নাই ৷ অৱশ্যে, গোটেই ঘটনাটো বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।