কোকৰাঝাৰ, 29 নৱেম্বৰ : ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে অসম চৰকাৰে (Anti drugs mission of Assam Govt) ৷ বিভিন্ন ঠাইৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সেৱনকাৰী নিতৌ আৰক্ষীৰ জালত পৰি আছে ৷ দেওবাৰে এই অভিযানৰ কৱলত পৰে কোকৰাঝাৰ বাগানশালিৰ এজন যুৱক(One arrest in kokrajhar during drugs consumption), নাম ডেলফেনিয়াম ব্ৰহ্ম ৷
খবৰ অনুসৰি, দেওবাৰে বিয়লি কোকৰাঝাৰ জিলাৰ আৱৰ্ত ভৱনৰ সমীপৱৰ্তী গৌড়নগৰত ডেলফেনিয়ামে তেওঁৰ সহযোগী নাৰায়ণ দাসৰ সৈতে ড্ৰাগছ সেৱন কৰি আছিল ৷ এই বিষয়ে খবৰ পোৱাত কোকৰাঝাৰ সদৰ আৰক্ষীৰ দল এটা তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু ডেলফেনিয়ামক আটক কৰিবলৈ সক্ষম হয় ৷