কোকৰাঝাৰ, 11 জানুৱাৰী :কোকৰাঝাৰ জিলাত আৰক্ষীয়ে অবৈধ লটাৰী, তীৰৰ জুৱাৰীৰ বিৰুদ্ধে চলাই গৈছে অভিযান (Kokrajhar police against all illegal activities) । বিগত 24 ঘণ্টাত কোকৰাঝাৰ আৰক্ষীয়ে 5 টাকৈ অবৈধ তীৰ আৰু নাগালেণ্ড লটাৰীৰ টিকট বিক্ৰেতাক আটক কৰে ৷
লগতে অভিযানকাৰী দলটোৱে অসাধু ব্যৱসায়ীকেইজনৰ পৰা প্ৰায় 2.60 লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে সদৰী কৰা মতে, সোমবাৰে চহৰখনৰ বিভিন্ন ঠাইত কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই পাঁচজন তীৰ আৰু নাগালেণ্ড লটাৰী বিক্ৰেতা ক্ৰমে- ৰাজু মণ্ডল (শান্তিনগৰ), সঞ্জয় দাস (ডিমল গাঁও), নৱ সাহা (বজাৰ ৰোড), শুভজিৎ কৰ (পাথৰঘাট) আৰু নিতাই কৰ্মকাৰ (বজাৰ ৰোড) ক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে (Kokrajhar police arrested five gamblers) ৷