কোকৰাঝাৰৰ, ১১ অক্টোবৰ :চৰকাৰৰ নিৰ্দেশত কিছু দিন পূৰ্বে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই কেইবা শতাধিক মাটি দালাল, দুৰ্নীতিগ্ৰস্ত মণ্ডলক আটক কৰাৰ পিছতো গা লৰা নাই একাংশ লাট মণ্ডলৰ ৷ কোকৰাঝাৰত উৎকোচ ল'বলৈ গৈ সোমবাৰে এজন লাট মণ্ডল হাতে লোটে আটক হয় আৰক্ষীৰ দ্বাৰা । কোকৰাঝাৰৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আটক হোৱা লাট মণ্ডল জনৰ নাম মহিদুল ইছলাম ।
পাঁচ হেজাৰ টকা উৎকোচ লৈ আৰক্ষীৰ হাতত হাতে-লোটে আটক হয় লাট মণ্ডল মহিদুল ইছলাম ৷ নিশা কোকৰাঝাৰ সদল থানাত আয়োজিত এখন সংবাদমেলত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে কয়, লাট মণ্ডল মহিদুলৰ বিৰুদ্ধে জাতিগত প্ৰমাণ-পত্ৰ দিয়াৰ নামত এজন ব্যক্তিৰ পৰা যোৱা ৮ অক্টোবৰত পাঁচ হেজাৰ টকা উৎকোচ দাবী কৰাৰ বুলি অভিযোগ লাভ কৰে ৷ সেই মৰ্মে কোকৰাঝাৰ আৰক্ষীয়ে ১০ অক্টোবৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে ৷
লগতে পঢ়ক:এই বছৰতে লখিমপুৰ মেডিকেল কলেজত আৰম্ভ হ’ভ MBBS-ৰ পাঠদান