কোকৰাঝাৰ, 17মেঃ অসম চৰকাৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুছ হাজৰিকাই প্ৰকাশ কৰে যে অসমত পাঁচটা জ‘নত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে। তাৰে কোকৰাঝাৰ জিলাত মুঠ ২৩০০ লোক থাকিব পৰাকৈ ১৯ খন কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে । এই কোৱাৰেনণ্টাইনত ৰখা লোকৰ স্বাস্থ্য পৰীক্ষা, সেৱাৰ লগতে খাদ্য যোগান বিষয়ে পৰ্যবেক্ষণ কৰা বুলি জনাই।
কোকৰাঝাৰত কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম
স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকায়ে দেওবাৰে কোকৰাঝাৰৰ কোৱাৰেনণ্টাইন কেন্দ্ৰসমূহক পৰিদৰ্শন কৰে। কোকৰাঝাৰ কঠালগুৰিস্থিত ছাই ষ্টেডিয়াম আৰু দেৱৰগাঁওত থকা চি আই টিত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত গৈ পৰ্যবেক্ষণ কৰে।
কোকৰাঝাৰত কোৱাৰেনণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী পিয়ুছ হাজৰিকাৰ
লগতে পঢ়কঃ লক ডাউনৰ সময়ত কি কৰাৰ প্ৰয়োজন