অসম

assam

ETV Bharat / state

কোকৰাঝাৰত পথ সুৰক্ষা সপ্তাহত হেলমেট পিন্ধি ওলাই আহিল মহিলাসকল - Kokrajhar Observe Road Safety Week, Huge participation of Women with Helmet

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে কোকৰাঝাৰতো উদযাপন কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ পোন-প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ মহিলাসকলে পথ সুৰক্ষা সপ্তাহত হেলমেট পৰিধান কৰি অংশগ্ৰহণ কৰে ৷

Kokrajhar Observe Road Safety Week, Huge participation of Women with Helmet
কোকৰাঝাৰত পালন 31সংখ্যক পথ সুৰক্ষা সপ্তাহ

By

Published : Jan 11, 2020, 6:11 PM IST

কোকৰাঝাৰ, 11 জানুৱাৰীঃকোকৰাঝাৰ জিলা প্ৰশাসনৰ লগতে পৰিবহন বিভাগে আয়োজন কৰা পথ সুৰক্ষা সপ্তাহত অতি আকৰ্ষণীয়ভাৱে অংশগ্ৰহণ কৰে স্থানীয় মহিলাসকলে ৷ দখনা, আৰনাই আৰু হেলমেট পৰিধান কৰি পথ সুৰক্ষা সপ্তাহত অংশগ্ৰহণ কৰে কোকৰাঝাৰৰ মহিলাসকলে ৷

লগতে পঢ়কঃ শিৱসাগৰত আৰম্ভ পথ সুৰক্ষা সপ্তাহ

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পথ আৰু পৰিবহন বিভাগৰ নিৰ্দেশত অসম চৰকাৰৰ পৰিবহন বিভাগে সমগ্ৰ ৰাজ্যতে আয়োজন কৰিছে 31তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ৷ কোকৰাঝাৰ জিলাত জিলা পৰিবহন বিষয়াৰ লগতে বিটিচিৰ যুটীয়া সম্পাদকউইলবাৰ্ন নাৰ্জিনাৰীয়ে উদ্বোধন কৰে সজাগতামুলক সমদল ৷ শতাধিক বড়ো মহিলাই পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি হেলমেটসহ ৰাজপথলৈ ওলাই অহাটো এটা গঠনমুলক উদাহৰণ হিচাপে পৰিগনিত হ'ব বুলি মন্তব্য কৰে যান-বাহন বিষয়াই ৷

কোকৰাঝাৰত পালন 31সংখ্যক পথ সুৰক্ষা সপ্তাহ

আজিৰে পৰা আৰম্ভ হোৱা পথ সুৰক্ষা সপ্তাহ সমগ্ৰ ৰাজ্যতে 17 জানুৱাৰীলৈকে অব্যাহতথাকিব ৷

ABOUT THE AUTHOR

...view details