কোকৰাঝাৰ, 10 জুনঃ বাঘজানৰ ঘটনা সম্পূৰ্ণৰূপে অইলৰ গাফিলতিৰ বাবেই সংঘটিত হৈছে ৷ অইলৰ গাফিলতিৰ বাবেই দুজন খিলঞ্জীয়া যুৱকৰ মৃত্যু হোৱাৰ লগতে জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ এই মন্তব্য প্ৰকাশ কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ৷ কোকৰাঝাৰৰ গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য আগবঢ়ায় সাধাৰণ সম্পাদক গৰাকীয়ে ৷ বাঘজান ঘটনাক গৰিহণা দি ১৪ দিনকৈ গেছ নিৰ্গত হৈ থকাৰ পিচতো বিসংগতি দূৰ নকৰা অইলে এতিয়া ক্ষতিপূৰণৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব বুলিও হুংকাৰ প্ৰদান কৰে অৰবিন্দ নাথে ৷
বাঘজানৰ ঘটনা আৰু বিটিচি নিৰ্বাচনক লৈ মন্তব্য অৰবিন্দ নাথৰ - কোকৰাঝাৰ
সোমবাৰে কোকৰাঝাৰৰ গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি,বাঘজানৰ ঘটনা আৰু আগন্তুক বিটিচি নিৰ্বাচনক লৈ ভিন্ন মন্তব্য প্ৰকাশ কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ৷
ইপিনে অসমৰ ছয় জনগোষ্ঠীৰ লগতে নাথ যোগী জনগোষ্ঠীকো জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰি আগন্তুক বিটিচি নিৰ্বাচনত যি দলে নাথ যোগীৰ সমস্যা সমাধানাৰ্থে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব সেই দলৰ প্ৰাৰ্থীকহে সমৰ্থন দিয়া কৰা হ'ব বুলিও স্পষ্ট কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ৷ উল্লেখ্য যে সোমবাৰে সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসত সন্থাৰ কেন্দ্ৰীয় সাংগঠিক সম্পাদক জিবুৰাম নাথ,কাৰ্যনিৰ্বাহক সদস্য বকুল নাথ,জিলা সম্পাদক লোহিত নাথ আদিকে ধৰি আন কেবাগৰাকীও বিশিষ্ট ব্যাক্তি উপস্থিত থাকে ৷
লগতে পঢ়কঃবাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বা)ৰ