চিৰাং, 28 এপ্ৰিলঃসোমবাৰৰ পৰা বিটিচিত প্ৰৱৰ্তন কৰা হ’ল ৰাজ্যপালৰ শাসন ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই ৷ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই সাংসদ গৰাকীয়ে কয় যে,অবশেষত বড়ো স্বায়ত্ব শাসিত পৰিষদত হাগ্ৰামা মহিলাৰীৰ 16 বছৰীয়া শাসনৰ অন্ত পৰিল ৷ লগতে সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহলৈ বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি আশা ব্যক্ত কৰে সাংসদ নৱ শৰণীয়াই ৷
বিটিচিত ৰাজ্যপালৰ শাসনক আদৰণি নৱ শৰণীয়াৰ - বিটিচি
বিটিচিত প্ৰৱৰ্তিত ৰাজ্যপালৰ শাসনৰ সিদ্ধান্তক আদৰণি জনায় কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই ৷ মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ৰাজ্যপালৰ শাসনে বিটিচিত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদ নৱ শৰণীয়াই ৷

বিটিচিত প্ৰৱৰ্তন ৰাজ্যপালৰ শাসনঃ সাংসদ নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া
বিটিচিত প্ৰৱৰ্তন ৰাজ্যপালৰ শাসনঃ সাংসদ নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া
আনহাতে, হাগ্ৰামা মহিলাৰীৰ শাসন কালত বিটিচিত উন্নয়ন লেহেমীয়া হোৱাৰ উপৰিও অঞ্চটোত উগ্ৰপন্থী সমস্যা সমূহেও গা কৰি উঠিছিল ৷ কিন্তু মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ৰাজ্যপালৰ শাসনে বিটিচিত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদ নৱ শৰণীয়াই ৷ ইয়াৰ উপৰিও বিপিএফ দলৰ মাজত সৃষ্টি হোৱা কন্দলে সম্প্ৰতি দলটোৰ ফোপোলা স্বৰূপকে উদঙাই দিছে বুলিও ব্যক্ত কৰে সাংসদ গৰাকীয়ে ৷
লগতে পঢ়ক-সংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন