কোকৰাঝাৰ লোকসভা সমষ্টিত ত্ৰিকোণীয়া যুঁজৰ সম্ভাৱনা !! - kokrajhar
বড়ো জনগোষ্ঠীৰ দূৰ্গ সংসদীয় সমষ্টিক পুনৰুদ্ধাৰ আৰু আত্মসন্মানৰ যুঁজত প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু উৰ্খাও গৌড়া ব্ৰহ্ম ৷ সুযোগ সন্ধানত পিচপৰা নাই অনা বড়ো সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হীৰা শৰণীয়া আৰু কংগ্ৰেছৰ শব্দ ৰাম ৰাভা ৷

কোকৰাঝাৰ লোকসভা সমষ্টিত ত্ৰিকোনীয়া যুঁজৰ সম্ভৱনা !!
কোকৰাঝাৰ 21 এপ্ৰিল : অহা ২৩ এপ্ৰিলত অসমৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিত সৰ্বমুঠ ২৩৪৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ভাগ্য নিৰ্ণয় কৰিব মুঠ 17,65,411 গৰাকী ভোটাৰে ৷ ইয়াৰে পুৰুষ ভোটাৰ 900285 গৰাকী আৰু মহিলা ভোটাৰ 865126গৰাকী ৷
- পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ ন গৰাকী প্ৰাথীৰ ভাগ্য নিৰ্ণয় কৰিব সৰ্বমুঠ ১৭,৪৮,৮২৭ গৰাকী ভোটাৰে ৷
- দহটা বিধানসভা সমষ্টিক সামৰি গঠিত কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ মূল প্ৰতিদ্বন্দী তিনিকোণীয়া হোৱাৰ সম্ভাৱনা
- ইয়াৰে প্ৰথম প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাথী তথা সাংসদ নৱ কুমাৰ শৰণীয়া(হীৰা)
- দ্বিতীয়তে ইউপিপিএলৰ মনোনীত নিৰ্দলীয় প্ৰাথী উৰ্খাও গৌড়া ব্ৰহ্ম
- তৃতীয় প্ৰতিদ্বন্দী হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ পৰাক্ৰমী প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম