অসম

assam

ETV Bharat / state

ঘৰ নিৰ্মাণ কৰি থাকোতেই সংঘাত, এজন শ্ৰমিকৰ মৃত্যু - কোকৰাঝাৰ শ্ৰমিক সংঘাত বাতৰি

ঘটনা বিষম দেখি শ্ৰমিকসকলে মৃতদেহটো লুকোৱাৰ পৰিকল্পনা কৰে যদিও মৃতদেহ লুকোৱাক লৈ শ্ৰমিকৰ ভিতৰতে মতানৈক্যৰ সৃষ্টি হয়৷ পৰৱৰ্তী পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হৈ কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মনৰ নেৰ্তৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ঘৰ নিৰ্মাণ কৰি থাকোতেই সংঘাত, এজন শ্ৰমিকৰ মৃত্যু

By

Published : Nov 24, 2019, 11:23 PM IST

কোকৰাঝাৰ,২৪ নৱেম্বৰঃ কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ শ্ৰমিকৰ মাজত সংঘাত৷ জিলাখনৰ সুদেমপুৰীত আজি শ্ৰমিকৰ মাজতে সংঘটিত হোৱা কাজিয়াৰ পৰিণতিত এগৰাকী শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লয় । নিহত শ্ৰমিকজনক ধুবুৰী জিলাৰ ফুলকাটাৰ বাসিন্দা ৰোশন নিলাম আলি বুলি চিনাক্ত কৰা হৈছে ।
তথ্য অনুসৰি, কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ সুদেমপুৰীৰ বাসিন্দা বিপুল মুছাহাৰীৰ ঘৰত আজি শ্ৰমিকৰ দল এটাই 'টাইলচ'ৰ কাম কৰি আছিল । কাম কৰি থাকোতেই অজ্ঞাত কাৰণত দলটোৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু কাজিয়াৰ ভয়ংকৰ পৰিণতিত ৰোশন নিলাম আলিৰ মৃত্যু হয় । ঘটনা বিষম দেখি শ্ৰমিকসকলে মৃতদেহটো লুকোৱাৰ পৰিকল্পনা কৰে যদিও মৃতদেহ লুকোৱাক লৈ শ্ৰমিকৰ ভিতৰতে মতানৈক্যৰ সৃষ্টি হয়৷ পৰৱৰ্তী পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হৈ কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মনৰ নেৰ্তৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ঘৰ নিৰ্মাণ কৰি থাকোতেই সংঘাত

ইপিনে ঘৰৰ গৰাকী বিপুল মুছাহাৰীয়ে কয় যে, তেওঁ ৰাতিপুৱা ৯ মান বজাত ঘৰৰ গেট খুলি দি বিয়লি ৪ মান বজাত পেমেণ্ট দিব আহিব বুলি কৈ ওলাই যায় । বিয়লি তিনিমান বজাত উক্ত ঘটনাৰ খবৰ লাভ কৰি মুছাহাৰীয়ে আৰক্ষীক অৱগত কৰে ।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details