অসম

assam

ETV Bharat / state

প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ জন্মদিনত কোকৰাঝাৰত কৃষক দিৱস - প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মদিন

কোকৰাঝাৰ চহৰৰ তিতাগুড়িৰ ইৰাগদাউ সমূহীয়া প্ৰেক্ষাগৃহত জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত হয় কৃষক দিৱসৰ । প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বাজপেয়ীৰ জন্ম দিনত কোকৰাঝাৰত কৃষক দিৱস
বাজপেয়ীৰ জন্ম দিনত কোকৰাঝাৰত কৃষক দিৱস

By

Published : Dec 25, 2020, 7:45 PM IST

কোকৰাঝাৰ, ২৫ ডিচেম্বৰ :শুকুৰবাৰে দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মদিন । কোকৰাঝাৰতো এই দিৱসৰ সৈতে সংগতি ৰাখি কৃষি বিভাগে পালন কৰে কৃষক দিৱস । কোকৰাঝাৰ চহৰৰ তিতাগুড়িৰ ইৰাগদাউ সমূহীয়া প্ৰেক্ষাগৃহত জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত হয় এই অনুষ্ঠানৰ ৷

কৃষকসকলৰ কল্যাণৰ হকে অডিঅ'-ভিজুৱেলৰ মাধ্যমত প্ৰদৰ্শিত অনুষ্ঠানটোত প্ৰায় শতাধিক কৃষকে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থকা জিলা উপায়ুক্ত ভাস্কৰ ফুকনে কৃষকসকলৰ কল্যাণৰ হকে গ্ৰহণ কৰা আঁচনি সম্বন্ধে চমু বক্তব্য দাঙি ধৰে ৷ উল্লেখ্য যে, কাৰ্যসূচীত জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি বিষয়া প্ৰাণজিত ওৱাৰী, জিলা কৃষি বিষয়া হৰি বড়োৰ লগতে কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :বাজপেয়ীৰ জন্ম বাৰ্ষিকীত 'কৃষক সন্মান নিধি'ৰ সপ্তম কিস্তি মুকলি কৰিলে কেন্দ্ৰই

ABOUT THE AUTHOR

...view details