কোকৰাঝাৰ, 2 মে' : কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধ কৰিবৰ বাবে চিৰাং জিলাৰ দাদগিৰীস্থিত গেলেফু আৰু বাক্সাৰ ছান জোৰজংখাত থকা আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশ দুৱাৰ ডেৰ মাহ ধৰি বন্ধ হৈ থাকে । যাৰফলত দুয়োখন দেশৰ মাজত সকলো ধৰণৰ যোগাযোগ বন্ধ হৈ পৰে ৷
মাত্ৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহন সমূহ চেনিটাইজ কৰাৰ পিছতহে যাবলৈ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ উল্লেখযোগ্য যে, প্ৰতিদিনেই উক্ত অঞ্চলত প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাত ব্যস্ত হৈ পৰিছে অসম আৰক্ষীৰ লগতে এছ এছ বি বাহিনীৰ বিষয়া সকল ৷