অসম

assam

ETV Bharat / state

মাৰাত্মক জুৱাৰ গ্ৰাসত কোকৰাঝাৰ: তৎপৰ উপায়ুক্ত - মাৰাত্মক জুৱাৰ গ্ৰাসত কোকৰাঝাৰ: তৎপৰ উপায়ুক্ত

মেলাক কেন্দ্ৰ কৰি গঢ়লৈ উঠিছে এই অসমাজিক আড্ডা ৷ বড়োলেণ্ড ছাত্ৰ সন্থাৰ উপায়ুক্তক স্মাৰকপত্ৰ ৷ মেলাৰ বিৰূদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ প্ৰতিশ্ৰুতি জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰৰ ৷

মাৰাত্মক জুৱাৰ গ্ৰাসত কোকৰাঝাৰ : তৎপৰ উপায়ুক্ত

By

Published : Oct 21, 2019, 8:02 PM IST

কোকৰাঝাৰ, 21 অক্টোবৰ: কোকৰাঝাৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে সমাজ বিৰোধী কাৰ্যকলাপৰ লগতে ড্ৰাগছ,মদ,গাঞ্জা আৰু মাৰাত্মক জুৱা খেলৰ অবাধ প্ৰচলন যাৰ ফলত চহৰখনৰ চাৰিওফালে বিনষ্ট হৈছে সামাজিক পৰিৱেশ ৷ বাৰ মাহত তেৰটা পূজাৰ অজুহাত লৈ গড়কাপ্তানি পথৰ কাষত হওক নাইবা চহৰখনৰ আশে-পাশে থকা খালী ঠাইৰ লগতে জিলাখনৰ ফকিৰগ্ৰাম,চিথিলা,জোগদৈ,কাৰিগাঁও, বিশমুৰী,সেৰফাংগুৰি,দোতমা,ছালাকাটি,কালিপুখুৰী আদি বিভিন্ন অঞ্চলত বহা মেলা সমূহ এতিয়া হৈ পৰিছে এই অসমাজিক কাৰ্যকলাপৰ ঘাটি ৷ পুলিচ প্ৰশাসনৰ আৰ্শীবাদতেই এই মেলাসমূহত এতিয়া মুকলিভাৱে চলিছে চৰকী, লাকী ছেভেন,ঝাণ্ডিমুণ্ডাৰ দৰে জুৱাৰ অবাধ প্ৰচলন ৷ ফলস্বৰূপে এতিয়া বিপাঙত পৰিছে চহৰখনৰ জনসাধাৰণ ৷

বড়োলেণ্ড ছাত্ৰ সন্থাৰ উপায়ুক্তক স্মাৰকপত্ৰ

সোমবাৰে চহৰত বৃদ্ধি পোৱা ব্যাপক অসামাজিক কাৰ্যকলাপবোৰৰ বিৰুদ্ধে বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰি বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে কোকৰাঝাৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত অস্বভাৱিক হাৰত চলি থকা মেলা সমূহত জুৱা,সুৰা,ড্ৰাগছ আদিৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবী উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱন সুৰক্ষিত কৰি তোলাত জিলা প্ৰশাসনক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই ৷

ইফালে জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে সংগঠনটোৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি অতি শীঘ্ৰে ইয়াৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইতিমধ্যে কোকৰাঝাৰ প্ৰশাসনে জিলাখনৰ শান্তি সম্প্ৰীতি আৰু আইন শৃংখলা বজাই ৰাখিবৰ বাবে আৰু মেলাৰ পতাৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details