অসম

assam

কোকৰাঝাৰত আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

By

Published : Nov 29, 2019, 11:23 PM IST

বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত উল্টাপানী ৰেঞ্জৰ বনকৰ্মী আৰু এচ এচ বিৰ জোৱানে যৌথভাৱে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়ত ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানীত জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠখিনি ৷

কোকৰাঝাৰত আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ
কোকৰাঝাৰত আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

কোকৰাঝাৰ, 29 নৱেম্বৰ:কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তীৰ উল্টাপানী বনাঞ্চলৰ সৰলপাৰা নৈ’ৰ দাঁতিত বৃহস্পতিবাৰে নিশা উল্টাপানী ৰেঞ্জৰ বনকৰ্মী আৰু এচ এচ বিৰ জোৱানে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে যুটীয়াভাৱে চলোৱা এক অভিযানত প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ শাল আৰু চেগুন কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয় ৷

ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানীত জব্দ বৃহৎ পৰিমাণৰ কাঠ

উল্টাপানী বনাঞ্চলৰ ৰেঞ্জাৰ ধীৰেন বসুমতাৰীয়ে সদৰী কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত উল্টাপানী ৰেঞ্জৰ বনকৰ্মী আৰু এচ এচ বিৰ জোৱানে যৌথভাৱে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়ত ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী বনাঞ্চলৰ সৰলপাৰা নৈৰ সমীপৰ জংঘলত পৰিত্যক্ত অৱস্থাত শাল আৰু চেগুন কাঠৰ কুন্দাসমূহ জব্দ কৰে ৷ বনবিভাগৰ মতে জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য প্ৰায় আঢ়ৈ লক্ষাধিক টকা হ'ব বুলি সদৰী কৰে ৷

উল্টাপানী বনাঞ্চলৰ সৰলপাৰা নৈ’ৰ দাঁতিত উদ্ধাৰ কাঠখিনি

উফালে কচুগাঁৱত বন বিভাগে চলোৱা অভিযানত তিনি লক্ষাধিক টকা মূল্যৰ চোৰাং শাল কাঠ জব্দ কৰে। কচুগাঁও বন সংমণ্ডলৰ ছেনফাং ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত এণ্টিকৰাপশ্যন,গ্ৰীণ কনজাৰভেশ্যন এনজিঅ আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন গোটৰ যৌথ অভিযানত ছেনফাং ৰেঞ্জৰ ব্ৰহ্মপুৰৰ পৰা জব্দ কৰে কাঠ সমূহ। উল্লেখ্য যে,চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি অব্যাহত থকাৰ সমান্তৰালভাৱে বনাঞ্চলৰ মূল্যৱান গছ কাটি এচামে বিনাদ্বিধাই ব্যৱসায় চলাই গৈছে প্ৰতিদিনে ৷ এই ক্ষেত্ৰত বন বিভাগৰ সক্ৰিয়তা দাবী কৰিছে স্থানীয় লোকে ৷

কোকৰাঝাৰত আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

লগতে পঢ়কঃবনৰীয়া ম'হৰ আক্ৰমণত গুৱালৰ মৃত্যু

ABOUT THE AUTHOR

...view details