অসম

assam

ETV Bharat / state

আদৰ্শ বিটিচিৰ ভগা দলংঃ তিনি বছৰে খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ - বিটিচি কর্তৃপক্ষ আৰু গৰকাপ্তানি বিভাগ

আদৰ্শ বিটিচিৰ ভগা দলঙে জীয়াতু ভোগাইছে গোসাঁইগাঁও - হাৰভঙা গাঁৱৰ ৰাইজক৷ তিনি বছৰে খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ৷

আদৰ্শ বিটিচিৰ ভগা দলংঃ তিনি বছৰে খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

By

Published : Aug 21, 2019, 2:52 PM IST

কোকৰাঝাৰ, 21 আগষ্টঃ বিটিচিৰ কোকৰাঝাৰ জিলা তথা পশ্চিম কোকৰাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমগুৰি নদীৰ ওপৰত থকা পকী দলঙে দুৰ্ভোগ ভোগাইছে সাধাৰণ ৰাইজক । এই ক্ষেত্ৰত বিটিচি কর্তৃপক্ষ আৰু গড়কাপ্তানি বিভাগ সম্পূৰ্ণ নিমাত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ । জানিব পৰা মতে পশ্চিম কোকৰাঝাৰ বিধান সভা সমষ্টি আৰু গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কুমগুৰি নদীৰ ওপৰত থকা দলঙৰ এটা অংশ প্ৰায় তিনি বছৰ পূৰ্বে বানপানীয়ে খহাই নিয়ে । দলংখনৰ এটা বৃহৎ অংশ পানীয়ে খহাই নিয়াত সম্পূৰ্ণৰূপে চলাচল বন্ধ হৈ পৰে যদিও কিছুদিন যোৱাৰ পিছত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত ৰে'লৰ তিনিখন জৈছ পেলাই দিয়ে দলংখনত ।

আদৰ্শ বিটিচিৰ ভগা দলংঃ তিনি বছৰে খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

উক্ত জৈছৰ ওপৰেৰে দৈনন্দিন ৰাইজে কোনোমতে যাতায়ত কৰি আহিছে যদিও আজি তিনি বছৰে দলংখন মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিটিচিৰ শাসক দলে। ৰাইজে প্ৰকাশ কৰা মতে, কুমগুৰি নদীৰ ওপৰত থকা পকী দলংখনৰ এটা অংশ খহাই নিয়াৰ ফলত বৃহত্তৰ গোসাঁইগাঁও - হাৰভাঙা, কুমগুৰি, পানীজানি, জয়পুৰ, পূব হাৰভাঙা, পশ্চিম হাৰভাঙা আদি কৰি প্ৰায় দহখন গাঁৱৰ ৰাইজ, স্কুল - কলেজৰ ছাত্ৰ ছাত্ৰী ,ব্যৱসায়ী, চাকৰিয়াল আদি কৰি সকলো শ্ৰেণীৰ ৰাইজেই জীয়াতু ভুগিছে৷ আনহাতে গাঁও সমূহলৈ নাযায় আৰক্ষীৰ বাহন, নাযায় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী । উক্ত দলংখনে শৈক্ষিক, স্বাস্থ্য, ব্যৱসায় বাণিজ্যকে ধৰি সকলো দিশতেই হেঙাৰ হৈ পৰিছে ।

ABOUT THE AUTHOR

...view details