অসম

assam

ETV Bharat / state

কোকৰাঝাৰত বন বিভাগৰ অভিযানঃ জব্দ বৃহৎ পৰিমাণৰ কাঠ - ৰেপু চিৰাং বনাঞ্চল

চিৰাং জিলাৰ উল্টাপানী আৰু কুসুগাওঁ বনাঞ্চলৰ বিভিন্ন ঠাই ক্ৰমে জাহাৰবাৰী, মৈণাগুৰি, দুমবাজাৰ, চৰাইবিল, চেলেকাগুৰি, নিজলাগুৰি, ৰুণীখাটা, শুংৰী, শান্তিপূৰ ইত্যাদি অঞ্চলত বনধ্বংস কাৰ্যকলাপ চলি থকাৰ খবৰ পায় অভিযান চলাইছিল। এই অভিযানত বৃহৎ পৰিমাণৰ মূল্যবান গছৰ কুণ্ডাসহ চোৰাং কাঠ সৰবৰাহকাৰীৰ বাহন ৷

কোকৰাঝাৰত বন বিভাগৰ অভিযানঃ জব্দ বৃহৎ পৰিমাণৰ কাঠ

By

Published : Nov 23, 2019, 11:55 PM IST

কোকৰাঝাৰ, 23 নৱেম্বৰঃ কোকৰাঝাৰত অব্যাহত আছে বনবিভাগৰ অভিযান ৷ চোৰাং কাঠৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত শনিবাৰে জব্দ হ'ল বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ বেচৰকাৰী সংস্থা এন্টি কৰাপশ্যন ইনভেষ্টিগেশ্যন ফ্ৰণ্ট অৰ্গনাইজেশ্যন,বনবিভাগ,এছ এছ বি আৰু অসম আৰক্ষীৰ যৌথ অভিযানত কোকৰাঝাৰ কুসুগাঁও আৰু ৰেপু চিৰাং বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডাসহ চোৰাং কাঠ সৰবৰাহকাৰীৰ বাহন জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৰ একাংশ সদস্য

কোকৰাঝাৰ বন বিভাগে জনোৱা মতে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ উল্টাপানী আৰু কুসুগাওঁ বনাঞ্চলৰ বিভিন্ন ঠাই ক্ৰমে জাহাৰবাৰী,মৈণাগুৰি,দুমবাজাৰ,চৰাইবিল,চেলেকাগুৰি,নিজলাগুৰি,ৰুণীখাটা,শুংৰী,শান্তিপূৰ ইত্যাদি অঞ্চলত বনধ্বংস কাৰ্যকলাপ চলি থকাৰ খবৰ পায় অভিযান চলাইছিল। এই অভিযানত বৃহৎ পৰিমাণৰ মূল্যবান গছৰ কুণ্ডাসহ চোৰাং কাঠ সৰবৰাহকাৰীৰ এখন টাটা মোবাইল,ট্ৰাক,ট্ৰেক্টৰ ইত্যাদি কেবাখনো বাহন জব্দ কৰিবলৈ সক্ষম হয়।

কোকৰাঝাৰত বন বিভাগৰ অভিযানঃ জব্দ বৃহৎ পৰিমাণৰ কাঠ
উল্লেখযোগ্য যে কুসুগাওঁ,উল্টাপানী আৰু ৰেপু চিৰাং বনাঞ্চলত চোৰাং কাঠ সৰবৰাহকাৰীৰ অবাধ বন ধ্বংস কাৰ্যকলাপ বৃদ্ধি পাই আহিছে। বনবিভাগে কঠোৰ পদক্ষেপ লোৱাৰ পিচতো বন্ধ হোৱা নাই চোৰাং কাঠ সৰবৰাহকৰাৰীৰ কাৰ্যকলাপ ৷

লগতে পঢ়কঃগুৱাহাটীত যান-বাহন আইন উলংঘাকাৰী বাছত ষ্টিং অপাৰেচন

ABOUT THE AUTHOR

...view details