অসম

assam

By

Published : May 31, 2019, 10:50 PM IST

ETV Bharat / state

প্ৰতিবাদত শিক্ষক-ছাত্ৰঃ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত অচলাৱস্থা

বিগত 29 মে'ৰ পৰা কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজেৰ শিক্ষক গোটে তেওঁলোকৰ বিভিন্ন দাবীক লৈ মহাবিদ্যালয়ত শ্ৰেণী বৰ্জন কৰিছে ৷ যাৰ বাবে হাহাকাৰ পৰিস্থিতি ছাত্ৰ-ছাত্ৰীৰ মাজত ৷ কিয়নো আগন্তুক 13 জুনৰ পৰা আৰম্ভ হ'ব পৰীক্ষা ৷

কোকৰাঝাৰত শ্ৰেণী বৰ্জন কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ

কোকৰাঝাৰ, 31 মে: কোকৰাঝাৰস্থিত একমাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজৰ দুৰৱস্থা ৷ বিগত ২৯ মে'ৰ পৰা শিক্ষকে শ্ৰেণী বৰ্জন কৰাৰ উপৰিও শিক্ষাৰ্থীয়ে শ্ৰেণী বৰ্জন কৰি হাতত লৈছে ধৰ্ণা কাৰ্যসূচী ৷ একাংশ শিক্ষাৰ্থীক লৈ ল’ৰা ধেমালি অসমৰ শিক্ষা বিভাগৰ ৷ ৰাজ্যত শিক্ষা বিভাগৰ দৰে বিয়াগোম বিভাগ থকা স্বত্বেও নামনি অসমৰ এক মাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ মৃত্য মুখত পৰিণত হোৱা ঘটনা দুৰ্ভাগ্যজনক ।

কোকৰাঝাৰত শ্ৰেণী বৰ্জন কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ

উল্লেখ্য যে, বিগত 29 মে'ৰ পৰা কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজেৰ শিক্ষক গোটে তেওঁলোকৰ বিভিন্ন দাবীক লৈ মহাবিদ্যালয়ত শ্ৰেণী বৰ্জন কৰিছে ৷ যাৰ বাবে হাহাকাৰ পৰিস্থিতি ছাত্ৰ-ছাত্ৰীৰ মাজত ৷ কিয়নো আগন্তুক 13 জুনৰ পৰা আৰম্ভ হ'ব পৰীক্ষা ৷ যাৰ বাবে শ্ৰেণী নিয়মীয়াকৰণ আৰু বিভিন্ন সমস্যাৰ সমাধান বিচাৰি কলেজ চৌহদত বিভিন্ন শ্লো'গানৰে তিনিঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ আনফালে শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰণে শ্ৰেণী কোঠাৰ দুৱাৰত ওলমি আছে তলা ।

1996 চনতে কোকৰাঝাৰ চহৰত স্থাপন হোৱা নামনি অসমৰ এক মাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজখন বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানতে পৰিচালিত হৈ আছে । কিন্তু বৰ্তমান পৰ্যন্ত চৰকাৰীকৰণ ন'হল কলেজখন ৷

ABOUT THE AUTHOR

...view details