গোঁসাইগাঁও, 18 এপ্ৰিল :লক ডাউনৰ সময়ত ৰাজ্যৰ আন আন খেতিয়কসকলৰ লগতে গোসাঁইগাঁৱৰ খেতিয়কসকলৰো ব্যাপক ক্ষতি হৈছে । শাক-পাচলি বিক্ৰী কৰিব নোৱাৰাত খেতিপথাৰতে পচিবলৈ ধৰিছে শাক-পাচলিসমূহ।
লক ডাউনৰ প্ৰভাৱ : চৰম বিপৰ্যয়ত গোসাঁইগাঁৱৰ খেতিয়ক - গোসাঁইগাঁৱত খেতিয়ক সোনাল চন্দ্ৰ
লক ডাউনৰ ফলত চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে গোসাঁইগাঁৱত খেতিয়ক সোনাল চন্দ্ৰ l বিক্ৰী কৰিব নোৱাৰি খেতিপথাৰতে পচিব ধৰিছে তিয়ঁহ l আৰ্থিক সংকটত ভুগিছে খেতিয়ক সোনাল চন্দ্ৰ ৷
লক ডাউনৰ প্ৰভাৱ : চৰম বিপৰ্যয়ত গোসাঁইগাঁৱৰ খেতিয়ক
আন আন কৃষকৰ দৰে গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোনাপাৰা গাঁৱৰ খেতিয়ক সোনাল চন্দ্ৰই এবিঘা মাটিত তিয়ঁহ খেতি কৰাৰ পিছত ফচল ভাল হোৱা তিয়ঁহসমূহ বিক্ৰী কৰিব নোৱাৰিলে । ফলত খেতি পথাৰতে পচিবলৈ আৰম্ভ কৰিছে তিয়ঁহসমূহ। ইয়াৰ ফলত সোনাল চন্দ্ৰৰ জীৱন নিৰ্বাহত আৰ্থিক সংকটে দেখা দিছে ৷
লগতে পঢ়ক : অসম গ্ৰামীণ জীৱিকা আঁচনিৰ অধীনত মাস্ক প্ৰস্তুত