কোকৰাঝাৰ, 14 এপ্ৰিল : দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় এখন নিৰ্বাচনী প্ৰচাৰ সভা ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাচতেই ৰাজনৈতিক নেতা,দল-সংগঠন সকলো ব্যস্ত হৈ পৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৷ কোকৰাঝাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে সাংসদ নৱ কুমাৰ শৰণীয়া ৷ শৰণীয়াই সভাত প্ৰমোদ বড়োক তীব্ৰভাৱে সমালোচনা কৰি কয় - "প্ৰমোদ বড়োৱে অসমৰ ৰাইজৰ আগত অসম বিভাজন নকৰো বুলি ক্ষমা খোজক" ৷ লগতে বি.টি.এডিত থকা অবড়োসকলৰ ভূমি অধিকাৰ,আৰ্থ সামাজিক অধিকাৰ,চাকৰি অধিকাৰ দিয়াৰ আশ্বাস দিয়াৰ মন্তব্য কৰে ৷
কোকৰাঝাৰত নৱ শৰণীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা - প্ৰচাৰ সভা
কোকৰাঝাৰত সাংসদ নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অবড়ো লোকৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
![কোকৰাঝাৰত নৱ শৰণীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2999021-thumbnail-3x2-mttngjpg.jpg)
কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ সভা
কোকৰাঝাৰত নৱ শৰণীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
আনহাতে,প্ৰমোদ বড়োৱে ৰাজনীতি বাদ দি বড়ো ৰাইজৰ বাবে ভাল কাম কৰক বুলি দাবি উত্থাপন কৰি অবড়ো লোকসকলৰ সমস্যা সমাধানৰ বাবে সদায় কাম কৰিবলৈ মত প্ৰকাশ কৰে ৷