কোকৰাঝাৰ, ২৬ অক্টোবৰ: ৰাজ্যজুৰি আজি পালন কৰা হৈছে বিজয়া দশমী ৷ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাৰ প্ৰতিমাক ৰীতি-নীতিৰ মাজেৰে আজি বিসৰ্জন দিয়া হৈছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো আয়োজন আৰম্ভ হৈছে মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া কাৰ্যসূচী ৷
আজিৰ বিজয়া দশমীৰ দিনা কোকৰাঝাৰ চহৰৰ এটা পূজা মণ্ডপৰ কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ৷ চহৰখনৰ জেডি ৰোডস্থিত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মৰ বাসগৃহত আয়োজিত বিজয়া দশমী ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ’ল ৷ কিয়নো প্ৰতি বছৰৰ দৰে চলিত বৰ্ষতো প্ৰাক্তন কাৰ্যবাহী গৰাকীৰ বাসগৃহত ঘৰুৱাকৈ দূৰ্গা পূজাৰ আয়োজন কৰা হৈছিল ৷ উক্ত পূজা মণ্ডপত দূৰ্গা দেৱীৰ প্ৰতিমাৰ লগতে কাষতে থোৱা হৈছিল ৰাজনৈতিক দল বিপিএফৰ প্ৰতীক কাঠেৰে তৈয়াৰ কৰা নাঙল ৷ আজি দেৱী দূৰ্গাৰ প্ৰতিমা পৰম্পৰা অনুসৰি নদীৰ পানীত বিসৰ্জন দিয়া হ'ব যদিও নাঙলখন উটুৱাই দিয়া নহয় ৷