কোকৰাঝাৰ, 24 অক্টোবৰ :আজি মহাষ্টমী পূজা ৷ কৰ'ণা আতংকৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে দুৰ্গা পূজা ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতি সমূহেও আয়োজন কৰিছে পূজা ৷ শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ এতিয়া মুখৰিত হৈ পৰিছে ভক্তি ৰসেৰে ৷ আজি মহাষ্টমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কোকৰাঝাৰতো চলিছে পূজাৰ আয়োজন ৷
আজি পবিত্ৰ অষ্টমীৰ দিনা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ চহৰত পূজা মণ্ডপে মণ্ডপে গৈ মা-দুর্গাৰ শ্ৰীচৰণত সেৱা জনাই পূজা-অৰ্চনা কৰে ৷ ৰাজ্য আৰু দেশত শান্তি কামনা কৰি আৰু ভয়াৱহ কৰ'ণা ভাইৰাছৰ পৰা শীঘ্ৰেই পৰিত্ৰাণ পাবলৈ মা-দুর্গাৰ ওচৰত সেৱা লোৱাৰ পাছতে অহা বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফে বেছি আসন পাই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷