অসম

assam

ETV Bharat / state

ক'ভিড প্ৰট‘কল মানি কোকৰাঝাৰত দুৰ্গা পূজা পালন - কৰ‘ণা প্ৰটক'ল

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰত মুঠ ৮৭ খন পূজা মণ্ডপতো ক’ভিডৰ ভয়াৱহতাৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হয় দুৰ্গা মাৰ পুজা অৰ্চনা । আনহাতে চৰকাৰী কৰ’ণা প্ৰটক'ল মানি ভক্তসকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পূজা পৰিচালনা সমিতিয়ে ৰাখিছে সুকীয়া দ্বাৰ।

kokrajhar-durga-puja
ক'ভিড প্ৰট‘কল মানি কোকৰাঝাৰত দুৰ্গা পূজা পালন

By

Published : Oct 23, 2020, 9:38 PM IST

কোকৰাঝাৰ, 23 অক্টোবৰ: ৰাজ্যৰ সকলো পূজা সমিতিয়ে জাক-জমকতা পৰিহাৰ কৰি কেৱল ধৰ্মীয় আনুষ্ঠানিকতা ৰক্ষা কৰি আয়োজন কৰিছে দুৰ্গা পূজা ৷ এইবাৰ শাৰদীয় দুৰ্গোৎসৱত নাই পূৰ্বৰ উচাহ ৷ আগৰ দৰে এইবাৰ পূজা উপলক্ষে নাথাকিব মেলা বা অস্থায়ী দোকানো ৷ কিন্তু জাক-জমকতা নহ'লেও, জন সমাগম নহ'লেও ক‘ভিড প্ৰট'কল মানি সকলো পূজা সমিতিয়েই আগবাঢ়ি আহিছে দুৰ্গা দেৱীৰ স্তুতিৰ বাবে ৷ চৰকাৰে জাৰি কৰা নিয়ম অনুসৰিয়েই কোকৰাঝাৰতো সীমিত কাৰ্যসূচী আৰু লোকেৰে দেখিবলৈ পোৱা গ'ল পূজাৰ আনুষ্ঠানিকতা ৷

ক'ভিড প্ৰট‘কল মানি কোকৰাঝাৰত দুৰ্গা পূজা পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰত মুঠ ৮৭ খন পূজা মণ্ডপতো ক’ভিডৰ ভয়াৱহতাৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে দুৰ্গা মাৰ পুজা অৰ্চনা । আনহাতে চৰকাৰী কৰ’ণা প্ৰটক'ল মানি ভক্তসকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পূজা পৰিচালনা সমিতিয়ে ৰাখিছে সুকীয়া দ্বাৰ।
লগতে পঢ়ক: ইউ পি পি এলে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে: পানীৰাম ব্ৰহ্ম

ABOUT THE AUTHOR

...view details